টুপামাৰীত চকু পৰীক্ষা শিবিৰ

258

ছমৰীয়া সমিষ্টিৰ অন্তৰ্গত টুপামাৰীস্হ প্ৰয়াস শিশু পুথিভঁৰালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্হা আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত আৰু ই আৰ চি আই কেয়াৰৰ সহযোগত এদিনিয়াকৈ অনুষ্ঠিত হয় বিনামুলীয়া চকু পৰীক্ষা শিবিৰ |

আমাৰ প্ৰয়াস গোষ্ঠীৰ ব্লক সমন্বয়ক আনোৱাৰ হুছেইনে জানিব দিয়া মতে ৮৮ জন লোকক চকুৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সুলভ মূল্যত চচমা আৰু সা-সুবিধা প্ৰদান কৰে।

আমাৰ প্ৰয়াস গোষ্ঠীৰ ক্ষেত্ৰ সমন্বয়ক ছামেলী ৰবি দাস,ৰেজাউল হক,ছাইদুৰ ৰহমান,ফৰিদা ইয়াছমিন আৰু ই আৰ চি আই কেয়াৰৰ ডিম্পু তালুকদাৰ,ইউনিট মেনেজাৰ সুৰজিৎ ​​বৰা,অপটিকেল এডভাইজাৰ মমিনুল ইছলাম আৰু চকু চিকিৎসক প্ৰহ্লাদ বৰ্মণসহ ক্ষেত্ৰ সহায়ক সকলে আহি সেৱা আগবঢ়োৱা কাৰ্যক অঞ্চলবাসী ৰাইজে শলাগ লয়।