বিশ্বনাথৰ চতিয়াত সোমবাৰে পুৱাই চলিল জিলা প্ৰশাসনৰ উচ্ছেদৰ বুলডজাৰ। গাঁও চৰণীয়া পথাৰৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত প্ৰায় ৬৫ টা পৰিয়ালৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰা হয়। চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক আঁতৰাবলৈ প্ৰশাসনে গ্ৰহণ কৰা এই আকস্মিক পদক্ষেপে সমগ্ৰ অঞ্চলটোত এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।
চতিয়াৰ মিলনপুৰ, চৰাইজনীয়া আৰু চহলা- এই তিনিটা স্থানত প্ৰশাসনে উচ্ছেদ চলায়। নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই জনোৱা মতে, প্ৰায় ৭০ ৰ পৰা ৭৫ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ আজিৰ এই অভিযান চলোৱা হৈছে। উল্লেখযোগ্য যে মিলনপুৰত ৩৪ টা, চৰাইজনীয়াত ১৬ টা আৰু চহলাত ১৫ টাকৈ পৰিয়ালক এই উচ্ছেদৰ লক্ষ্য কৰি লোৱা হয়।
যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ উচ্ছেদস্থলীত আৰক্ষী আৰু চিআৰপিএফৰ প্ৰায় ২০০ জোৱান নিয়োগ কৰা হয়। অৱশ্যে উচ্ছেদ আৰম্ভ হোৱাৰ পূৰ্বেই অধিকাংশ পৰিয়ালে নিজৰ সা-সম্পত্তি লৈ স্থানসমূহ ত্যাগ কৰা বুলি চক্ৰ বিষয়াই উল্লেখ কৰিছে। তেওঁ কয়, “ৰাইজে আমাক সহযোগিতা কৰিছে। উচ্ছেদ আৰম্ভ হোৱাৰ আগতেই তেওঁলোকে নিজাববীয়াকৈ ঘৰ-দুৱাৰ খালী কৰি দিছে।”
উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহতো বিশ্বনাথৰ বাঘমাৰীত প্ৰশাসনে এক বৃহৎ উচ্ছেদ অভিযান চলাই ৭৩২ টা পৰিয়ালক উচ্ছেদ কৰিছিল। যোৱা ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে বনভূমি আৰু চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সেউজ সংকেত দিয়াৰ পাছতে জিলা প্ৰশাসনে এই অভিযান তীব্ৰতৰ কৰি তুলিছে।
