খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয়ৰ মূল্যায়ণ পৰিদৰ্শন

40

বৰপেটা শিক্ষাখন্ডৰ অন্তৰ্গত বাৰাদি মন্ডল সমল কেন্দ্ৰৰ কেওঁটকুছি মজলীয়া বিদ্যালয় পৰিদৰ্শন কৰেবৰপেটা খন্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই ৷ পৰিদৰ্শনৰ সময়ছোৱাত বিদ্যালয়ত চলি থকা প্ৰথম গোট মূল্যায়নৰ কোঠা সমুহ পৰিদৰ্শন কৰি পৰীক্ষা সমুহ সুকলমে চলি থকা প্ৰত্যক্ষ কৰে ৷

খন্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই বিদ্যালয়ৰ প্ৰস্বাৱ গাৰ শৌচাগাৰ আৰু ছাত্ৰীৰ বাবে থকা বিশেষ সুবিধাযুক্ত কোঠা পৰিদৰ্শন কৰে |

বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতি এশ শতাংশ নিশ্চিত কৰা ,মধ্যাহ্ন ভোজন ৰান্ধনীৰ সাজ পোছাক ব্যৱহাৰ কৰাৰ লগতে স্বাস্থ্য সন্মত পৰিবেশন আৰু মাহেকীয়া অভিভাৱক সন্মিলন অনুষ্ঠিত কৰি বিদ্যালয় খনক অধিক গতিশীল কৰাৰ ওপৰত পৰামৰ্শ আগবঢ়ায় ৷