গোৱালপাৰাত পুনৰ বন বিভাগে চলাব বৃহৎ উচ্ছেদ অভিযান । ১৩৮ হেক্টৰ ভূমিত এই উচ্ছেদ অভিযান চলিব । ইতিমধ্যে উচ্ছেদ চলাবলৈ বন বিভাগ আৰু জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে । ইয়াৰ বাবে উচ্ছেদস্থলীত মোতায়েন কৰা হৈছে সহস্ৰাধিক আৰক্ষী । লগতে উপস্থিত হৈছে প্ৰশাসনৰ বিযয়াও ।এইবাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চল এলেকাৰ বিদ্যাপাৰা আৰু বেতবাৰীত উচ্ছেদ অভিযান চলাব বন বিভাগ আৰু জিলা প্ৰশাসনে । কৃষ্ণাই অঞ্চলৰ বিদ্যাপাৰা, বেতবাৰী অঞ্চলত বন বিভাগ আৰু আৰক্ষীৰ বৃহৎসংখ্যক জোৱান টহল দিয়াৰ লগতে মাইকযোগে অহা ১০ জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰিবলৈ ঘোষণা কৰা হৈছে ৷
