ইটি মানিয়ে গ্ৰেট ইণ্ডিয়ান ইনভেষ্টমেণ্ট ফেষ্টিভেল আৰম্ভ কৰিছে

297

ভাৰতৰ অন্যতম বৃহৎ সম্পদ প্ৰযুক্তি এপ ইটি মানিয়ে ‘গ্ৰেট ইণ্ডিয়ান ইনভেষ্টমেণ্ট ফেষ্টিভেল’ নামৰ এই ধৰণৰ প্ৰথম উৎসৱ ৰ শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই অনন্য পদক্ষেপৰ জৰিয়তে, ইটি মানিয়ে ব্যৱহাৰকাৰীসকলক ভাল বিত্তীয় অভ্যাস নিৰ্মাণ আৰু প্ৰদৰ্শন কৰাৰ বাবে পুৰস্কৃত কৰিব।

এই ১৭ দিনীয়া উৎসৱৰ জৰিয়তে, এপ্পটোৱে ব্যৱহাৰকাৰীসকলক ইটি মানি জিনিয়াছ আৰু পুৰষ্কাৰৰ ওপৰত উৎসৱৰ ৰেহাই প্ৰদান কৰিব য’ত নিশ্চিত শ্বপিং ভাউচাৰ, জীৱনশৈলীৰ সদস্যতা, দৈনিক ভাগ্যৱান ড্ৰ আৰু বাম্পাৰ পুৰষ্কাৰ অন্তৰ্ভুক্ত থাকিব। আগবঢ়োৱা কিছুমান মেগা পুৰস্কাৰ হৈছে শেহতীয়া আইফোন ১৪ প্লাছ, আইপেড এয়াৰ, আৰু ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ বাইক।

বিনিয়োগকাৰীসকলে তেওঁলোকৰ বন্ধু বৰ্গ আৰু পৰিয়ালক ৰেফাৰেলৰ জৰিয়তে ভাল বিত্তীয় অভ্যাস বিকশিত কৰাত সহায় কৰাৰ বাবে নগদ ২ লাখ টকালৈকে জিকিব পাৰে। গ্ৰেট ইণ্ডিয়ান ইনভেষ্টমেণ্ট ফেষ্টিভেলৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইটি মানিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া মুকেশ কালৰাই মন্তব্য কৰে, “আমি এই অনন্য পদক্ষেপৰ জৰিয়তে ব্যক্তি, তেওঁলোকৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে দীৰ্ঘম্যাদী সম্পদ সৃষ্টিত সহায় কৰিবলৈ সক্ষম হোৱাৰ সৌভাগ্য লাভ কৰিছো।”