খোল খালে মহাশক্তিপীঠ মা কামাখ্যা মন্দিৰৰ দুৱাৰ। সম্পূৰ্ণ চাৰিদিনৰ পিছত আজি খোল খালে মা কামাখ্যা মন্দিৰৰ দুৱাৰ। বৃহস্পতিবাৰে পুৱতি নিশা অম্বুবাচীৰ নিবৃত্তিৰ পিছতেই নিয়মীয়া পূজা-অৰ্চনাৰ অন্তত ভক্তৰ বাবে মা কামাখ্যা মন্দিৰৰ দ্বাৰ মুকলি কৰা হয়।
অম্বুবাচীৰ চাৰিওটা দিনতে দেশী আৰু বিদেশী লক্ষাধিক ভক্তই মাৰ আশিস বিচাৰি মন্দিৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হয়। বৃহস্পতিবাৰে পুৱা মা কামাখ্যা মন্দিৰ প্ৰাংগণ পৰম্পৰা অনুসৰি পৰিষ্কাৰ কৰাৰ পিছত নৱবসনা দেৱীৰ প্ৰতিমূৰ্তিত পূজা-অৰ্চনা কৰা হয়।
নিবৃত্তিৰ পিছত সূর্যোদয়ৰ লগে লগে পুৱা প্ৰায় ৫ বজাত খোল খাই শক্তিপীঠ মা কামাখ্যাৰ গৰ্ভগৃহৰ মূল দুৱাৰ। উল্লেখ্য যে ২২ জুনৰ দিনা আবেলি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে বন্ধ হৈ পৰিছিল কামাখ্যা মন্দিৰৰ দুৱাৰ।
