গুজৰাট চৰকাৰৰ পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, বন আৰু পৰিৱেশ, জলবায়ু পৰিৱৰ্তনৰ বিভাগৰ মন্ত্ৰী মুলুভাই বেৰাৰ নেতৃত্বত ২০২৩ৰ ২৪ নৱেম্বৰত গুৱাহাটীত আয়োজিত ভাইব্ৰেণ্ট গুজৰাট ৰোড শ্ব’ৰ সফলতাৰে সামৰণি পৰে। গুজৰাট চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ লগতে কেইবাজনো বিশিষ্ট উদ্যোগপতিয়ে ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। গুজৰাট চৰকাৰৰ পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, বন আৰু পৰিৱেশ, জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী মুলুভাই বেৰাই বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হয়।
এই ৰোড শ্ব’ৰ উদ্দেশ্য আছিল পৰ্যটন আৰু আতিথ্য, তথ্যপ্ৰযুক্তি আৰু আইটিইএছ, ছেমি কণ্ডাক্টৰ, ইলেক্ট্ৰনিক্স, মহাকাশ আৰু প্ৰতিৰক্ষা, জৈৱপ্ৰযুক্তি আৰু ৰাসায়নিক আৰু পেট্ৰ’কেমিকেলছৰ দৰে খণ্ডত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভৱিষ্যতে প্ৰস্তুত কৰা বৃহৎ প্ৰকল্প যেনে গিফ্ট চিটী, ধোলেৰা এছআইআৰ আৰু বায়োটেক পাৰ্কত বিনিয়োগ আকৰ্ষিত কৰা।
গুজৰাট চৰকাৰৰ পৰ্যটন, সাংস্কৃতিক পৰিক্ৰমা, বন আৰু পৰিৱেশ, জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী মুলুভাই বেৰাই ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিটৰ তাৎপৰ্য আৰু ৰাজ্যখনৰ উন্নয়নত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে ভাষণ প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে, ”গুজৰাট চৰকাৰে বিনিয়োগ পৰিস্থিতিতন্ত্ৰ বৃদ্ধিৰ বাবে বিনিয়োগ-অনুকূল নীতি ৰূপায়ণ কৰিছে আৰু বৰ্তমান গুজৰাট হৈছে ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত অগ্ৰণী অৱদানকাৰী ৰাজ্য”। মন্ত্ৰী মুলুভাই বেৰাই লগতে কয় যে, “২০২২-২৩ বৰ্ষত ভাৰতৰ ৰপ্তানিৰ ৩৩%তকৈও অধিক গুজৰাটে অৰিহণা যোগাইছে, যি পৰিমাণ যিকোনো ৰাজ্যৰ তুলনাত সৰ্বাধিক।”