কৰিমগঞ্জত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই গুলিবিদ্ধ দুৰ্ধৰ্ষ ডকাইত

320

ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। এইবাৰ আৰক্ষীৰ গুলীত কৰিমগঞ্জত আহত হল দুৰ্ধৰ্ষ ডকাইত।

জানিব পৰা মতে, কৰিমগঞ্জ আৰক্ষীয়ে আটক কৰা ছৰিফুল হুছেইন নামৰ ডকাইতটোক গোপন অস্ত্ৰ ভাণ্ডাৰ দেখুৱাই দিবলৈ লৈ গৈছিল আৰক্ষীৰ এটা দলে।

সেই সময়ত দুৰ্ধৰ্ষ ডকাইতটোৱে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলিচালনা কৰে আৰু ছৰিফুল হুছেইন আহত হয়। বৰ্তমান আহত ডকাইতটোক চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।