মিজোৰামত সম্প্ৰদায়ৰ দ্বাৰা চালিত উদ্ভাৱন যাত্ৰাৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। মিজোৰাম বিশ্ববিদ্যালয়ত নতুনকৈ উদ্বোধন কৰা বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন(এছটিআই) হাব ভৱনটোৱেই জীৱন্ত সাক্ষী—য’ত বিজ্ঞানে কৰুণাৰ সৈতে মিলিত হৈছে আৰু প্ৰযুক্তিয়ে জীৱনৰ ৰূপান্তৰ ঘটাইছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ(ডিএছটি)ৰ অধীনত মিজোৰাম বিশ্ববিদ্যালয়ৰ সহযোগিতাত অমৃতা বিশ্ববিদ্যাপীঠে স্থাপন কৰা এই ভৱনটোৱেই প্ৰগতিয়েই সূচায়। দুই বছৰৰ পূৰ্বে আৰম্ভ হোৱা অমৃতা-মিজোৰাম এছটিআই হাবে ক্ৰমাৎ গৱেষণাভিত্তিক গ্ৰামীণ সবলীকৰণৰ এক গতিশীল কেন্দ্ৰলৈ ৰূপান্তৰিত হৈ আহিছে। এই বছৰত স্বকীয় ভৌতিক আন্ত:গাঁথনি উদ্বোধনেই হ’ল ইয়াৰ শেহতীয়া চিনাকি—যিয়ে মিজোৰামৰ পাহাৰীয়া ভূ-প্ৰকৃতি আৰু গ্ৰামীণ প্ৰয়োজনীয়তাৰ বাবে তৈয়াৰী কৰা লেবৰেটৰী, প্ৰশিক্ষণ স্থান আৰু সম্প্ৰদায়ভিত্তিক উদ্ভাৱনকেন্দ্ৰিক সোপান-চৰ্চাৰ এক স্থায়ী ঠাই। আৰম্ভণিৰে পৰা এই উদ্যোগে খাদ্য সংসাধন, বাঁহৰ শিল্পৰ উন্নতি, ডিজিটেল সাক্ষৰতা আৰু স্বাস্থ্য সজাগতাৰ জৰিয়তে ৰাজ্যৰ ৯,০০০তকৈও অধিক লোকৰ জীৱন স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ৭০%তকৈও অধিক লাভান্বিত হোৱা ব্যক্তি মহিলা, যাৰ জৰিয়তে তৃণমূল স্তৰত উদ্যোগিতা আৰু আত্মনিৰ্ভৰশীলতাৰ এক নীৰব বিপ্লৱ আৰম্ভ হৈছে।
অমৃতা বিশ্ববিদ্যাপীঠৰ পৰা এছটিআই হাব প্ৰকল্পৰ মুখ্য গৱেষক আৰু অমৃতা স্কুল অৱ বিজনেছৰ ডীন ড0 ৰঘু ৰমনে কয় যে, নতুন ভৱনটোৱে উত্তৰ-পূৰ্বাঞ্চললৈ বিশ্ববিদ্যালয়খনৰ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে। ‘‘এইটো কেৱল এটা ভৱন নহয়; এইটো হৈছে বিজ্ঞান আৰু সমাজৰ মাজৰ এখন সেতু,’’—তেওঁ এইদৰে কয়। এই হাবে অমৃতাৰ লাইভ-ইন-লেবছ® আৰু আম্মাচি লেবৰ দক্ষতাসমূহ সংযুক্ত কৰিছে, যাৰ জৰিয়তে প্ৰান্তীয় অঞ্চলসমূহলৈ সুলভ, স্থানীয়ভাৱে অভিযোজিত প্ৰযুক্তি—য’ত কৃষিজাত সামগ্ৰীৰ বাবে কম খৰচী চলাৰ ড্রায়াৰ যন্ত্ৰ, পৰিবেশ অনুকূল বাঁহৰ শিল্পৰ যন্ত্ৰপাতি আৰু পানী শোধন প্ৰণালী আদি অন্তৰ্ভুক্ত কৰিব পৰা হৈছে।
মিজোৰাম চৰকাৰৰ গ্ৰামীণ উন্নয়ন আৰু প্ৰশাসন মন্ত্ৰী আৰু মিজোৰাম বিশ্ববিদ্যালয়ৰ মুখ্য গৱেষক ড° লালনিলৱমাই এই হাবটোক ‘‘গ্ৰামীণ উদ্ভাৱনৰ বাবে এক গুৰুত্বপূৰ্ণ মোৰ’’ বুলি অভিহিত কৰিছে। ‘‘অমৃতাৰ সহযোগিতাই সম্প্ৰদায় বিকাশৰ প্ৰতি আমাৰ দৃষ্টিভংগী সলনি কৰিছে,’’—তেওঁ উল্লেখ কৰে। ইয়াৰ মূ্লত থকা প্ৰেৰণা হ’ল অমৃতা বিশ্ববিদ্যাপীঠৰ আচাৰ্য মাতা অমৃতানন্দময়ী দেৱী (আম্মা), যাৰ পৰিচালনাত্মক দৰ্শনেই কৰুণাক কাৰ্যত পৰিণত কৰাৰ ওপৰত গুৰুত্ব দিয়ে।
