আৰণ্যকৰ সহযোগত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত “স্নিফাৰ ডগ ইউনিট” নিয়োগ

119

বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত সমন্বিত আৰু সহযোগিতামূলক পদক্ষেপেৰে আইন বলবৎকাৰী সংস্থাসমূহক সহায় কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ  সহযোগত ৰাজ্যৰ বন বিভাগে অসমৰ নগাঁও জিলাৰ লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত এজন প্ৰশিক্ষিত পৰিচালকসহ চোৰাং চিকাৰ বিৰোধী “কে নাইন” কুকুৰৰ এটা ইউনিট নিয়োগ কৰিছে ।

বন্যপ্ৰাণী অভয়াৰণ্যখনত শুকুৰবাৰৰ পৰাই এই “কে নাইন” স্নিফাৰ ডগ ইউনিটটোক কামত লগোৱা হৈছে । শেহতীয়াকৈ প্ৰশিক্ষণ সম্পূৰ্ণ কৰা বেলজিয়ান মেলিনয় (মাইকী) জাতৰ “কে নাইন” স্নিফাৰ ডগ ইউনিটোক কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অংশ লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মী সকলক নিৰীক্ষণ আৰু অন্যান্য আনুষংগিক কামত সহায় কৰাৰ বাবে সকলো সময়তে সাজু কৰি ৰখা হ’ব ।

উল্লেখ্যে যে, “কে নাইন” স্নিফাৰ ডগ ইউনিটটো হৈছে আইন বলবৎকাৰী সংস্থাসমূহক সমন্বিত প্ৰচেষ্টাৰে বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধত সহায় কৰা আৰণ্যকৰ আইনী আৰু ওকালতি বিভাগৰ এটা প্ৰধান উপাদান ।