প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলাৰ জৰিয়তে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নৱনিযুক্ত দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত আয়োজিত ৰোজগাৰ মেলাৰ অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানৰ সৈতে ভাৰ্চুৱেলী সংযুক্ত হয় আৰু অনুষ্ঠানৰ শেষত গুৱাহাটীত ২৪১ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে তেওঁলোকৰ নিযুক্তি-পত্ৰ বিতৰণ কৰে। এই সময়ছোৱাত গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত দৃঢ়তাৰে কয় যে আজি ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা এই যুৱক-যুৱতীসকলৰ নতুন দায়িত্ব আৰম্ভ হৈছে। তেওঁ যুৱক-যুৱতীসকলক বিভিন্ন বিভাগত চাকৰি আৰম্ভ কৰাৰ বাবে অভিনন্দন জনাই এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন ভূমিকা সত্ত্বেও তেওঁলোকৰ উমৈহতীয়া লক্ষ্য হৈছে “ৰাষ্ট্ৰ প্ৰথম” নীতিৰ দ্বাৰা পৰিচালিত ৰাষ্ট্ৰীয় সেৱা। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনগাঁথনি আৰু গণতান্ত্ৰিক ভেটিৰ অতুলনীয় শক্তিৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা থকা আৰু সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ ভাৰতে বিশ্বৰ মঞ্চত এক শক্তিশালী ভৱিষ্যৎ গঢ়ি তোলাৰ অনন্য সম্ভাৱনা ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিশাল যুৱ শক্তি ভাৰতৰ চালিকাশক্তি আৰু চৰকাৰে এই চালিকাশক্তিক দীৰ্ঘম্যাদী সমৃদ্ধিৰ অনুঘটকলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাত অটল। “মাত্ৰ দুদিন পূৰ্বে মই পাঁচখন দেশ ভ্ৰমণ কৰি আহিলোঁ। মই ভ্ৰমণ কৰা প্ৰতিখন দেশতে ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তি প্ৰবলভাৱে প্ৰতিধ্বনিত হৈছে। এই ভ্ৰমণৰ সময়ত স্বাক্ষৰিত চুক্তিসমূহে দেশৰ ভিতৰত আৰু বিদেশত ভাৰতীয় যুৱক-যুৱতীসকলক উপকৃত কৰিব”, নৰেন্দ্ৰ মোদীয়ে কয়। তেওঁ লগতে কয় যে এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা, ঔষধ, ডিজিটেল প্ৰযুক্তি, শক্তি আৰু পৃথিৱীৰ আপুৰুগীয়া খনিজ পদাৰ্থৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ সন্দৰ্ভত স্বাক্ষৰিত বিভিন্ন চুক্তিয়ে সুদূৰপ্ৰসাৰী লাভৰ পথ সৃষ্টি কৰিব। “এই পদক্ষেপসমূহে ভাৰতৰ অৰ্থনৈতিক অৱস্থান শক্তিশালী কৰাই নহয়, ভাৰতীয় যুৱক-যুৱতীসকলৰ বাবে উৎপাদন আৰু সেৱা দুয়োটা দিশতে অৰ্থপূৰ্ণ সুযোগো সৃষ্টি কৰিব”, নৰেন্দ্ৰ মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাত চাকৰিৰ প্ৰকৃতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে বুলি আলোকপাত কৰে। উদ্ভাৱন, ষ্টাৰ্টআপ আৰু গৱেষণাৰ গুৰুত্বৰ ওপৰত জোৰ দি তেওঁ ভাৰতৰ ক্ৰমৱৰ্ধমান পৰিস্থিতিতন্ত্ৰৰ কথা কয় যিয়ে যুৱক-যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ সক্ষম কৰে। তেওঁ যুৱক-যুৱতীসকলে উচ্চাকাংক্ষা, দূৰদৰ্শিতা আৰু নতুন কিবা এটা সৃষ্টি কৰাৰ প্ৰবল ইচ্ছাৰে আগবাঢ়ি অহা দেখি আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত চৰকাৰেও ব্যক্তিগত খণ্ডত নতুন নিয়োগৰ সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শেহতীয়াকৈ চৰকাৰে নিয়োগ সংযুক্তি উদগনি আঁচনি নামৰ নতুন আঁচনিখনত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি পোৱা যুৱক-যুৱতীসকলক চৰকাৰে ১৫,০০০ টকা প্ৰদান কৰিব। “অৰ্থাৎ চৰকাৰে তেওঁলোকৰ প্ৰথম চাকৰিৰ প্ৰথম দৰমহাত অৰিহণা যোগাব।ইয়াৰ বাবে চৰকাৰে প্ৰায় ১ লাখ কোটি টকাৰ বাজেট আবণ্টন দিছে। এই আঁচনিখনে প্ৰায় ৩.৫ কোটি নতুন চাকৰি সৃষ্টিত সহায় কৰিব বুলি আশা কৰা হৈছে”, নৰেন্দ্ৰ মোদীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উৎপাদন খণ্ডৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে ৰাষ্ট্ৰীয় বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে, কৰ্মসংস্থাপন সৃষ্টি কৰে আৰু ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশৰ যাত্ৰা ত্বৰান্বিত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত মেক ইন ইণ্ডিয়াৰ পদক্ষেপ যথেষ্ট শক্তিশালী হৈছে। কেৱল পিএলআই (উৎপাদন সংযুক্তি উদগনি আঁচনি)ৰ জৰিয়তে সমগ্ৰ দেশতে ১১ লাখতকৈও অধিক চাকৰিৰ সৃষ্টি হৈছে। মোবাইল ফোন আৰু ইলেক্ট্ৰনিকছ খণ্ডত অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে। “আজি ভাৰতত ইলেক্ট্ৰনিকছ উৎপাদনৰ মূল্য প্ৰায় ১১ লাখ কোটি টকা, যিটো বিগত ১১ বছৰত পাঁচগুণতকৈও অধিক বৃদ্ধি পাইছে। আজি ভাৰতত মোবাইল ফোন নিৰ্মাণৰ সৈতে জড়িত প্ৰায় ৩০০ ইউনিট আছে, য’ত লাখ লাখ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিছে”, নৰেন্দ্ৰ মোদীয়ে কয়। তেওঁ ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ ইঞ্জিন উৎপাদক হিচাপে উত্থানৰ প্ৰশংসা কৰে, আৰু ইঞ্জিন, ৰে’ল ডবা আৰু মেট্ৰ’ ডবাত দেশখনৰ ৰপ্তানিৰ শক্তিশালী প্ৰদৰ্শনৰ প্ৰশংসা কৰে। তেওঁ লগতে কয় যে অট’মোবাইল খণ্ডই মাত্ৰ পাঁচ বছৰতে ৪০ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ আকৰ্ষণ কৰিছে, যাৰ ফলত নতুন কাৰখানা, নতুন চাকৰিৰ সুযোগ আৰু অভিলেখ সৃষ্টি কৰা বাহন বিক্ৰী হৈছে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ কল্যাণমূলক পদক্ষেপৰ সুদূৰপ্ৰসাৰী প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে, শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ (আইএলঅ’) প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে বিগত দশকত ৯০ কোটিৰো অধিক ভাৰতীয় নাগৰিকক চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। তেওঁ উল্লেখ কৰে যে এই আঁচনিসমূহ কেৱল কল্যাণমূলক সুবিধাৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ বিশেষকৈ ভাৰতৰ গ্ৰামাঞ্চলত বৃহৎ পৰিসৰৰ কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে ধ্বজাবাহী কাৰ্যসূচীৰ বিষয়ে বিশদভাৱে কয়, যাৰ অধীনত ৪ কোটি স্থায়ী ঘৰ নিৰ্মাণ কৰা হৈছে আৰু আৰু ৩ কোটি ঘৰ নিৰ্মাণৰ কাম চলি আছে। স্বচ্ছ ভাৰতৰ অধীনত ১২ কোটি শৌচাগাৰ নিৰ্মাণৰ ফলত প্লাম্বাৰ আৰু নিৰ্মাণ শ্ৰমিকে কৰ্মসংস্থাপন লাভ কৰাৰ বিপৰীতে উজ্জ্বলা যোজনাৰ অধীনত প্ৰদান কৰা ১০ কোটিৰো অধিক এলপিজি সংযোগে বটলিং আন্তঃগাঁথনি আৰু ডেলিভাৰী নেটৱৰ্কৰ সম্প্ৰসাৰণৰ সূচনা কৰিছে, যাৰ ফলত হাজাৰ হাজাৰ বিতৰণ কেন্দ্ৰ আৰু লাখ লাখ নতুন চাকৰিৰ সৃষ্টি হৈছে।”ছাদৰ ওপৰত সৌৰশক্তি স্থাপনৰ বাবে প্ৰতি ঘৰতে ৭৫,০০০ টকাতকৈ অধিক ধন আগবঢ়োৱা পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজলী যোজনাই ঘৰুৱা বিদ্যুতৰ বিল হ্ৰাস কৰি কাৰিকৰী, অভিযন্তা আৰু সৌৰ পেনেল নিৰ্মাতাসকলৰ বাবে চাকৰিৰ সুযোগ সৃষ্টি কৰিছে। নৰেন্দ্ৰ মোদীয়ে কয় যে দেশখনে ৩ কোটি লাখপতি ডিডি সৃষ্টিৰ অভিযানৰ দিশত অগ্ৰসৰ হৈছে আৰু ইতিমধ্যে ১.৫ কোটি মহিলাই এই মাইলৰ খুঁটি অৰ্জন কৰিছে। বেংক সখী, বীমা সখী, কৃষি সখী, পশু সখী আদি বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাসকলে বহনক্ষম কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ উল্লেখ কৰে যে পি এম স্বনিধি আঁচনিৰ জৰিয়তে ৰাজপথৰ বিক্ৰেতা আৰু হকাৰসকলক আনুষ্ঠানিক সাহায্য প্ৰদান কৰি লাখ লাখ লোকক মূলসুঁতিৰ অৰ্থনৈতিক কাৰ্যকলাপলৈ অনা হৈছে। একে সময়তে পি এম বিশ্বকৰ্মা আঁচনিয়ে পৰম্পৰাগত শিল্পী, কাৰিকৰ আৰু সেৱা প্ৰদানকাৰীসকলক প্ৰশিক্ষণ, সঁজুলি আৰু ঋণৰ সুবিধাৰ জৰিয়তে পুনৰুজ্জীৱিত কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই অসংখ্য আঁচনিৰ প্ৰভাৱতে মাত্ৰ যোৱা দহ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। “নিয়োগৰ সুযোগ অবিহনে এনে পৰিৱৰ্তন সম্ভৱ নহ’লহেঁতেন। এই কাৰণেই আজি বিশ্ব বেংকৰ দৰে বিশ্বৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানে ভাৰতক প্ৰশংসা কৰিছে। ভাৰতক এতিয়া সৰ্বোচ্চ সমতা থকা বিশ্বৰ শীৰ্ষ ৰাষ্ট্ৰৰ ভিতৰত গণ্য কৰা হৈছে”, নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ পৰ্যায়টোক উন্নয়নৰ মহাযজ্ঞ, দৰিদ্ৰতা নিৰ্মূলকৰণ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় অভিযান বুলি অভিহিত কৰি দেশৰ যুৱক-যুৱতী আৰু নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তসকলক এই অভিযানক নৱীকৃত শক্তি হিচাপে আৰু নিষ্ঠাৰে আগুৱাই নিবলৈ আহ্বান জনায়। জনসেৱাত উজ্জ্বল আৰু অৰ্থপূৰ্ণ ভৱিষ্যতৰ বাবে প্ৰধানমন্ত্ৰীয়ে নতুন নিযুক্তিপ্ৰাপ্তসকললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ ৰোজগাৰ মেলাৰ অনুষ্ঠানত নৱনিযুক্ত ২৪১ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি-পত্ৰ বিতৰণ কৰি কয়, “দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে চিহ্নিত হৈছে। যোৱা এঘাৰ বছৰে সৰ্বস্তৰৰ ৰাইজক লগত লৈ তেখেতে যি অভূতপূৰ্ব উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে, ইয়াৰ ফলস্বৰূপে দেশখন শক্তিশালীভাৱে আধুনিক ধ্যান-ধাৰণাৰে সুশাসন ব্যৱস্থাৰে উজ্জীৱিত হৈছে। দৰিদ্ৰ জনসাধাৰণৰ কাৰণে মোদী চৰকাৰে আঁচনি প্ৰস্তুত কৰি তাৰ সফলতাপূৰ্বক ৰূপায়ণ কৰিলে যাৰ ফলত ২৫ কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকে পৰিত্ৰাণ পালে আৰু আৰ্থিকভাৱে সবল হ’ল।পৃথিৱীৰ যিকোনো ৰাষ্ট্ৰই আজি ভাৰতবৰ্ষক কেৱল সম্বোধন কৰাই নহয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ উল্লেখযোগ্য নীতি পৰিকল্পনা আৰু কাৰ্যসূচী বিশ্বৰ আগশাৰীৰ বিভিন্ন দেশৰ অনুষ্ঠান, প্ৰতিষ্ঠানে গবেষণাৰ বিষয় হিচাপে গ্ৰহণ কৰিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৫৫ বছৰ শাসনত থাকিও যি কাম কৰিব নোৱাৰিলে, দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সততা, নিষ্ঠা, দক্ষতা, দৃঢ়তা আৰু একাগ্ৰতাৰে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ক মূলমন্ত্ৰ হিচাপে লৈ মাত্ৰ ১১ বছৰৰ ভিতৰতে দেশত অভূতপূৰ্ব পৰিৱৰ্তন আনিলে। তাৰ বাবে আজি তেখেত কেৱল দেশৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বৰ ভিতৰতেই আটাইতকৈ লোকপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে। আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলেও তেখেতৰ নেতৃত্বৰ পৰা বহু শক্তি তথা উন্নয়ন আয়ত্ত কৰিবলৈ সক্ষম হৈছোঁ। দেশৰ যুৱ শক্তিক বিভিন্নধৰণৰ কাৰ্যসূচীৰ যোগেদি শক্তিশালী কৰাৰ তেখেতে যি প্ৰয়াস কৰিছিল, আজি সেইখিনি সুন্দৰভাৱে সফল হৈছে। দেশৰ নেতা যেতিয়া সৎ, কঠোৰ পৰিশ্ৰমী হয় আৰু দেশৰ জনগণৰ বাবে ভক্তিভাৱেৰে কাম কৰে; নেতাৰ ইচ্ছা আৰু নীতি যেতিয়া সঠিক হয়, তেতিয়াই দেশে নিজৰ প্ৰকৃত শক্তি দাঙি ধৰি অভূতপূৰ্ব সফলতা লাভ কৰে ~ বিগত ১১টা বছৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে শক্তিশালী নেতাৰ বলিষ্ঠ নেতৃত্বত ভাৰত এখন মহাশক্তিধৰ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছে। দেশৰ লক্ষ লক্ষ দক্ষতাসম্পন্ন যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ লগতে এই যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে। ষ্টাৰ্টআপ, অট’মোবাইল বা প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আগতে যিবিলাক সামগ্ৰী আমদানি কৰিবলগীয়া হৈছিল আজি সেইবিলাক সামগ্ৰী দেশতে উৎপাদন কৰি আত্মনিৰ্ভৰশীল হ’বলৈ সক্ষম হোৱাৰ লগতে আজি ভাৰতবৰ্ষত উৎপাদিত বিভিন্ন সামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমৰো বিভিন্ন যুৱক-যুৱতীয়ে এই নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে আৰু নিযুক্তি লাভ কৰাসকলে আগন্তুক দিনবোৰত মোদী ডাঙৰীয়াই যি পথেৰে আগুৱাই যোৱাৰ বাবে আহ্বান জনাইছে, তেখেতসকলেও সেই পথেৰে আগুৱাই যাওক আৰু সফলতাৰ শিখৰত উপনীত হওক, তাকেই কামনা কৰিছোঁ।” অসমীয়া ভাষাৰ বিৰুদ্ধে হোৱা ষড়যন্ত্ৰমূলক বক্তব্যৰ বিৰুদ্ধে সোণোৱালে দৃঢ়তাৰে কয়, “অসমত অসমীয়া ভাষা সকলোৱে মানি চলিব লাগিব কাৰণ অসমীয়া আমাৰ মাতৃভাষা, জাতিৰ এক শক্তিশালী ভাষা। চিৰ চেনেহী অসমীয়া ভাষাক সকলোৱে হৃদয়েৰে মৰ্যাদা দিয়াটো আমাৰ চিৰকাম্য।”
