ইমামী মন্ত্ৰ মচলাৰ নতুন ব্ৰেণ্ড এম্বেচেডৰ কেটৰিনা কাঈফ

587

বৈচিত্ৰ্যময় ব্যৱসায়িক গোট ইমামী গ্ৰুপৰ ব্ৰেণ্ডেড খাদ্য শাখা ইমামি এগ্ৰোটেক লিমিটেডে বলীউডৰ অভিনেত্ৰী আৰু প্ৰখ্যাত চেলিব্ৰেটি কেটৰিনা কাঈফক ইয়াৰ স্পাইচ ৰেঞ্জ ‘ইমামি হেলদি এণ্ড টেষ্টি মন্ত্ৰ মচলা’ ৰ ব্ৰেণ্ড এম্বেচেডৰ হোৱাৰ ঘোষণা কৰে। কেটৰিনাৰ জীৱন আৰু মনোৰম ব্যক্তিত্বৰ প্ৰতিচ্ছবি আকৰ্ষণীয় আৰু সেয়ে তেওঁক ‘মন্ত্ৰ’ মচলাৰ নতুন মুখ হোৱাৰ সঠিক বিকল্প হিচাপে পোৱা গৈছিল। মন্ত্ৰই কেটৰিনা কাঈফৰ সৈতে হোৱা সহযোগিতাৰে সমগ্ৰ দেশতে সদায় ভিন্ন সোৱাদ পছন্দ কৰা বিভিন্ন বয়সৰ গ্ৰাহকৰ ওচৰ চাপিব বুলি আশা কৰিছে। মন্ত্ৰ মচলাৰ ইউএছপি ইয়াৰ সমৃদ্ধ আৰু বিশুদ্ধ সুগন্ধি, ৰং আৰু সোৱাদত আছে, যি অনন্য ক্ৰায়’জেনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ পৰা আহে।

শূন্যৰ পৰা মাইনাচ ৫০ ডিগ্ৰী চেলচিয়াছত ক্ৰিয়া-প্ৰচেছিং (Cryo-processing) য়ে তেওঁলোকৰ মচলাবোৰক ৭০ ডিগ্ৰী চেলচিয়াছ লৈকে তাপ ব্যৱহাৰৰে পৰম্পৰাগত গ্ৰাইণ্ডিং প্ৰক্ৰিয়াৰ তুলনাত ৯৫% লৈকে সকলো প্ৰাকৃতিক তেলৰ সৰ্বোচ্চ স্তৰ বজাই ৰখাত সহায় কৰে, য’ত অত্যাৱশ্যকীয় তেল কেৱল ৪০% লৈকে ৰখা হয়। ব্ৰেণ্ডটোক ইয়াৰ উৎকৃষ্ট মানদণ্ডৰ মচলাৰ বাবে ব্ৰাচেলছৰ ইণ্টাৰনেচনেল টেষ্ট ইনষ্টিটিউট (ইউৰোপ) পৰা “উৎকৃষ্ট সোৱাদ বঁটা” (Superior Taste Award) প্ৰদান কৰা হৈছে। এইবোৰ দীঘলীয়া সময়ৰ বাবে সতেজতা আৰু গোন্ধ সংৰক্ষণ কৰিবলৈ জিপ-লক পেকত উপলব্ধ।

ই বিশুদ্ধ আৰু মিশ্ৰিত পাউডাৰ মচলা আৰু সোৱাদ প্ৰস্তুতকৰ্তাসকলৰ বিশেষভাৱে ডিজাইন কৰা পৰিসৰত উপলব্ধ। এইবোৰ জয়পুৰত বিশেষভাৱে প্ৰস্তুত কৰা হয়। মন্ত্ৰ মচলা জেনেৰেল আৰু মডাৰ্ণ ট্ৰেড আৰু ই-কমাৰ্চ চেনেলবোৰত ৫ টকাৰ পৰা ১১০ টকালৈকে মূল্যত ৮ গ্ৰামৰ পৰা ২০০ গ্ৰামলৈকে বিভিন্ন পেক উপলব্ধ হ’ব। ইমামী গ্ৰুপৰ সঞ্চালক জয়ন্ত গোয়েঙ্কাই কয়, “আমি মন্ত্ৰৰ বাবে আক্ৰমণাত্মক বিপণন পৰিকল্পনাও প্ৰস্তুত কৰিছো আৰু অহা তিনি বছৰৰ ভিতৰত প্ৰায় ২৫ লাখ বিপনী (প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটা)ত উপনীত হোৱাৰ লক্ষ্য ৰাখিছো।”