ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ইলন মাস্ক আৰু তেওঁৰ কোম্পানী X (Twitter) । বুধবাৰে (০৯ জুলাই, ২০২৫) পদত্যাগ কৰে কোম্পানীটোৰ CEO লিণ্ডা ইয়াকাৰিনোৱে। প্ৰায় ২ বছৰ ধৰি এই পদত অধিষ্ঠিত আছিল লিণ্ডা । পদ এৰাৰ সময়ত লিণ্ডাই লিখিছে, ” মাস্কৰ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী xAI ৰ সৈতে এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছো, যিয়ে chatbot Grok নিৰ্মাণ কৰে।” ছ’চিয়েল মিডিয়াত মাস্কৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে ইয়াকাৰিনোৱে। লিণ্ডাৰ পদত্যাগ ঘোষণাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাস্কে লিখিছে, ‘আপোনাৰ অৱদানৰ বাবে ধন্যবাদ।’
