পুৱাৰ ফিৰফিৰীয়া বতাহজাকৰ মাজতে হাতীৰ পিঠিত উঠি কাজিৰঙা দৰ্শন বিদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ৪৫খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ ৷উল্লেখযোগ্য যে ২৫ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব বৃহৎ বিনিয়োগ মেলা এডভাণ্টেজ আছাম ২.০ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই বিনিয়োগ মেলাত অংশগ্ৰহণ কৰিব ভাৰতকে ধৰি বিশ্বৰ প্ৰায় ৬০ খন দেশৰ বিনিয়োগকাৰী প্ৰতিনিধিয়ে ৷গুৱাহাটীত অনুষ্ঠিত হ’ব লগা এডভাণ্টেজ আছাম – ২.০ ত অংশগ্ৰহণ কৰিবলৈ আহি কাজিৰঙা পালেহি বিদেশী অতিথিৰ দল ৷

দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ভাৰতৰ লগতে অষ্ট্ৰিয়া, ভূটান, জাপান, বাংলাদেশ, জাৰ্মানী, জৰ্জিয়া, ফিনলেণ্ড, ইটালী, ইৰাক আদি কৰি প্ৰায় ৪৫খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত, প্ৰতিনিধিৰ ৮১ জনীয়া দলটো দেওবাৰৰ নিশা কাজিৰঙাত উপস্থিত হয় ৷