অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ইতিমধ্যে শাসকীয় এন ডি এই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে চি পি ৰাধাকৃষ্ণনক। কিন্তু বিৰোধী পক্ষই কাক প্ৰক্ষেপ কৰিব, তাক লৈ সৃষ্টি হৈছিল জল্পনা-কল্পনা। আজি সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ইণ্ডি মিত্ৰজোঁটে ঘোষণা কৰিছে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম।তেলেংগানাৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ইণ্ডিয়া ব্লকে। এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৰেড্ডীয়ে। বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই।
