যোৱা ২১ জুলাইত জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। তাৰ পৰিপ্ৰেক্ষিততেই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ব্যৱস্থা কৰিব লগীয়া হৈছে। নিৰ্বাচন আয়োগে কেতিয়া দিন ঘোষণা কৰিব তাক লৈ ব্যাপক চৰ্চা অব্যাহত আছিল যদিও অৱশেষত ঘোষণা হ’ল নিৰ্বাচনৰ দিন।নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট আৰু ভোটগণনা ৯ ছেপ্টেম্বৰত হ’ব।সংবিধানৰ ৬৬(১) অনুচ্ছেদ অনুসৰি ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ মনোনীত সদস্য আৰু লোকসভাৰ নিৰ্বাচিত সদস্যৰে গঠিত এখন নিৰ্বাচনী কলেজৰ দ্বাৰা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হ’ব।
