আপুনি বাৰু জানেনে ৰাজ্যত কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।জানিব পৰা মতে এপ্ৰিলত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

১৮ মাৰ্চত জাৰি হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা!
!কি কি নিয়ম মানিব লাগিব দল আৰু প্ৰাৰ্থীয়ে?
মন্দিৰ, মছজিদ, গিৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব!
ধৰ্মীয় অনুভূতিত আঘাত হনা মন্তব্য দিব নোৱাৰিব প্ৰাৰ্থী বা দলে।
সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট।

ভোটকেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা
ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ-পোষ্টাৰ।
নিৰ্বাচনী সভাৰ বাবে আগতীয়া অনুমতি ল’ব লাগিব দলে।
জাতি-ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত ভাষ্য।
কোনো প্ৰাৰ্থী বা দলে উত্কোচ দিব নোৱাৰিব ভোটাৰক।
ভোটাৰক কোনো প্ৰকাৰৰ ভয়-ভাবুকি দেখুৱাব নোৱাৰিব প্ৰাৰ্থী বা দলে।
ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব কোনো প্ৰাৰ্থীয়ে।
গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ’ব লাগিব ২১ বছৰ।
প্ৰাৰ্থী, প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ’লে অযোগ্য বিবেচিত হ’ব।
গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ’ব লাগিব দশম শ্ৰেণী উত্তীৰ্ণ।
আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ’ব লাগিব হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ।
ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ।
জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ’ব লাগিব HS উত্তীৰ্ণ।
ST, SC, OBC, MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ’ব লাগিব মেট্ৰিক উত্তীৰ্ণ।
১৯-০৩-২০১৮ৰ আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব।

১৯-০৩-২০১৮ৰ পিছত দুটাতকৈ অধিক থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।
দ্বিতীয় সন্তান যমজ সন্তান হ’লে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ’ব।
নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি ৫ বছৰ নহ’লে অযোগ্য হ’ব।
সমবায় সমিতিৰ পৰা লোণ লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ’ব।
বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ’ব।
চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য হ’ব।