যোগান শৃংখলৰ মনেটাইজেচনৰ ক্ষেত্ৰত ইকাৰ্টৰ ৮গুণ বৃদ্ধিয়ে ভাৰতৰ লজিষ্টিক বজাৰত নিৰ্ধাৰণ কৰিছে নতুন মানদণ্ড

9

ভাৰতৰ ৪পিএল লজিষ্টিক উদ্যোগৰ অগ্ৰণী প্ৰতিষ্ঠান ই-কাৰ্টে যোৱা ৩ বছৰত যোগান শৃংখলৰ মনেটাইজেচন(মুদ্ৰাকৰণ)ৰ ক্ষেত্ৰত উল্লেখযোগ্য ৮গুণ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ বিস্তৃত লজিষ্টিক নেটৱৰ্কে ভাৰতীয় ডাক কোডৰ ৯৮%  অঞ্চল সামৰি লৈছে, যাৰ দৈনিক চালান ক্ষমতা ৬ মিলিয়নতকৈ অধিক, যিটো ৫০ মিলিয়ন ঘনফুটতকৈ অধিক গুদাম আৰু ৭,০০০ ট্ৰাকৰ দ্বাৰা সমৰ্থিত হৈ আছে। অন্তিম স্থানৰ ডেলিভাৰী, পিটিএল/এফটিএল গতিবিধি আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে নথি ডেলিভাৰীকে ধৰি ই-কাৰ্টৰ বৈচিত্ৰ্যপূৰ্ণ অফাৰসমূহে সমগ্ৰ ভাৰতৰ ব্ৰেণ্ডসমূহৰ বাবে দক্ষতা আৰু পৰিসৰ বৃদ্ধি কৰিছে।

অত্যন্ত প্ৰতিযোগিতামূলক এই লজিষ্টিক বজাৰত ই-কাৰ্টৰ উদ্ভাৱনে স্নেপডিল আৰু হোমচেণ্টাৰৰ দৰে ই-কমাৰ্চ অগ্ৰদূত প্ৰতিষ্ঠানসমূহক নিৰৱচ্ছিন্ন কাৰ্য-কলাপৰ সৈতে সৰ্বাধিক চাহিদাৰ ছিজন তৈয়াৰ কৰাত সহায় কৰিছে। ইয়াৰ ফলস্বৰূপে ই-কাৰ্টৰ গ্ৰাহকৰ ভিত্তি ১০গুণলৈ সম্প্ৰসাৰিত হৈছে, যি উদ্যোগটোৰ সাধাৰণ ৫-১০% বাৰ্ষিক বিকাশৰ হাৰতকৈ অধিক।

আঞ্চলিক দৃষ্টিকোণৰ পৰা ই-কৰ্টৰ নেটৱৰ্কৰ পৰা গুৱাহাটীৰ লগতে সমগ্ৰ অসমে যথেষ্ট লাভান্বিত হৈছে। উন্নত ডেলিভাৰী গতি আৰু সম্প্ৰসাৰিত আঞ্চলিক পৰিসৰৰ সৈতে ৰাজ্যখনৰ স্থানীয় খুচুৰা বিক্ৰেতা আৰু ব্যৱসায়ে এক বিস্তৃত গ্ৰাহক ভিত্তিত উপনীত হ ‘বলৈ সক্ষম হৈছে, যিয়ে বৰ্ধিত চাহিদা পূৰণ কৰাৰ লগতে কাৰ্যকৰী ব্যয় হ্ৰাস কৰিছে। এই বর্ধিত লজিষ্টিক সামৰ্থ্যই বৰ্ধিত খুচুৰা খণ্ডক সমৰ্থন জনাইছে, যাৰ ফলত ই-কাৰ্ট আজিৰ তাৰিখত আঞ্চলিক ব্যৱসায়িক বিকাশৰ মূল সহায়ক হিচাপে পৰিগণিত হৈছে।