একা এৰেনা ট্ৰেন্সষ্টেডিয়াক চিয়েট আইএছআৰএলৰ আহমেদাবাদ ৰেচৰ বাবে নিৰ্বাচন 

144

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে(আইএছআৰএল) উদ্বোধনী ছিজনৰ আহমেদাবাদৰ ৰেচৰ প্ৰধান স্থান হিচাপে ইকেএ এৰেনা (পূৰ্বৰ দ্য এৰিনা/ট্ৰেন্সষ্টেডিয়া এৰেনা)ক নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে । এই অত্যাধুনিক বহুমুখী ষ্টেডিয়ামত ছুপাৰক্ৰছ ৰেচিঙৰ স্পন্দনশীল অনুভূতি আৰু প্ৰতিভাধৰৰ অনবদ্য প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।  আহমেদাবাদৰ ৰেচ ২০২৪ চনৰ ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

ব্যৱসায়ী উদিত শ্বেথৰ নেতৃত্বত আৰু গুজৰাট চৰকাৰৰ সহযোগিতাত স্থাপিত এই ষ্টেডিয়ামখন ২০১৬ চনৰ ৭ অক্টোবৰত মুকলি কৰা হৈছিল, সফল ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জীৱন্ত প্ৰমাণ এই এছই ট্ৰেন্সষ্টাডিয়া। মূল ফুটবল কনফিগাৰেচনত ১৫,০০০ লোকৰ আসনবিশিষ্ট ইকা এৰেনা বহুমুখিতাৰ বাবে পৰিচিত, বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিবলৈ ইয়াক ইনড’ৰ এৰেনাত বিভক্ত কৰিব পৰাকৈ সক্ষম এই এৰেনা।

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ সহ-প্ৰতিষ্ঠাপক তথা সঞ্চালক বীৰ পেটেলে ইকেএ এৰেনাক স্থান হিচাপে বাচনি কৰাৰ বাবে নিজৰ উচাহ প্ৰকাশ কৰি কয় যে, ”বহুকেইখন গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ বাবে ষ্টেডিয়ামৰ প্ৰতিশ্ৰুতি চিয়েট আইএছআৰএলৰ উচ্চ মানদণ্ডৰ সৈতে সম্পূৰ্ণৰূপে সংগতি ৰাখে আৰু আমি আহমেদাবাদত অনুৰাগীসকলৰ বাবে এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰিব বুলি সম্পূৰ্ণৰূপে আশাবাদী।”