মৃত্যু চিৰন্তন সত্য আৰু এই সত্যক আদৰি ল’বলৈ তেলেংগানাৰ জগতীয়াল জিলাৰ এজন ৮০ বছৰীয়া বৃদ্ধই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। লক্ষ্মীপুৰম গাঁৱৰ বাসিন্দা নাক্কা ইন্দ্ৰায়া নামৰ ব্যক্তিগৰাকীয়ে সম্পূৰ্ণ সুস্থ অৱস্থাত থকাৰ পাছতো নিজৰ বাবে আগতীয়াকৈ এটা সমাধি সাজি উলিয়াইছে। পত্নীৰ সমাধিৰ কাষতে গ্ৰেনাইটেৰে নিৰ্মিত এই বিশেষ সমাধিটো নিৰ্মাণ কৰিবলৈ তেওঁ প্ৰায় ১২ লাখ টকা ব্যয় কৰিছে।
পেছাত এগৰাকী দক্ষ নিৰ্মাণকাৰী ইন্দ্ৰায়াই তামিলনাডুৰ মিস্ত্ৰীৰ সহায়ত এই আধুনিক শৈলীৰ সমাধিটো নিৰ্মাণ কৰাইছে। সমাধিটোৰ ওপৰত জীৱন আৰু মৃত্যুৰ দৰ্শন সম্পৰ্কীয় এখন বিশেষ ফলকো স্থাপন কৰা হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ইন্দ্ৰায়াই কয় যে তেওঁ নিজৰ জীৱনকালত কেইবাটাও ঘৰ, বিদ্যালয় আৰু গীৰ্জা নিৰ্মাণ কৰিছে, গতিকে এতিয়া নিজৰ শেষ বিশ্ৰামস্থলীটো নিজেই সাজি তেওঁ যথেষ্ট সুখ অনুভৱ কৰিছে।
চাৰিটা সন্তানৰ পিতৃ ইন্দ্ৰায়াই জানিবলৈ দিয়া মতে, তেওঁৰ মৃত্যুৰ পাছত যাতে সন্তানসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান তেওঁৰ দৈনিক দিনচৰ্যাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে এই সমাধি ক্ষেত্ৰখন। তেওঁ প্ৰতিদিনে তালৈ গৈ চৌপাশ চাফা কৰে, গছত পানী দিয়ে আৰু কিছু সময় নিৰৱে বহি থাকে।
জীৱনৰ বিয়লি বেলাত ভৰি দিয়া বৃদ্ধগৰাকীৰ মতে, মৃত্যু অৱশ্যম্ভাৱী আৰু কোনেও নিজৰ সৈতে সম্পত্তি কঢ়িয়াই নিব নোৱাৰে। এই আধ্যাত্মিক ধাৰণাৰেই তেওঁ আনন্দৰে নিজৰ মৃত্যুৰ বাবে সাজু হোৱা বুলি জানিবলৈ দিয়ে। সামাজিক মাধ্যমতো এতিয়া এই বৃদ্ধগৰাকীৰ বিশেষ সমাধিটোৱে চৰ্চা লাভ কৰিছে।
