অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰৰ ছিখলা জলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন ৰাজ্যিক কেবিনেটৰ

70

মুখ্যমন্ত্রীড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত  দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই। তেওঁ সংবাদমেলত কয় যে  অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কোকৰাঝাৰৰ ছিখলা জলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন জনোৱা হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন ৰাইমনা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত হ’ব। বিনিয়োগ সন্মিলনৰ লগত সংগতি ৰাখি অসমত সেউজ শক্তি উৎপাদনৰ বাবে আছাম ইন্টিগ্রেটেড ক্লিন এনার্জী পলিচী-২০২৫ক কেবিনেটত অনুমোদন জনোৱা হৈছে বুলিও উল্লেখ কৰি তেওঁ আৰু কয় যে এ ডি বিৰ আৰ্থিক সাহাৰ্যৰে ২৫০ মেগাৱাটৰ এখন সৌৰশক্তি পার্ক কার্বি আংলঙত নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনায়।

সোণাপুৰ আৰু ডিমৰীয়াত দুখনকৈ ঔদ্যোগিক পার্ক নিৰ্মাণৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেটে ৰহা আৰু জাগীৰোডৰ মাজত ৫৭০ বিঘা ভূমি এখন মেগা ঔদ্যোগিক পাৰ্ক নিৰ্মাণৰ বাবে অনুমোদন জনায়। এডভান্টেজ আছামৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্তসমূহে সহায় কৰিব বুলি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। লগতে কেবিনেটত লোৱা সিদ্ধান্তসমূহ ঘোষণা কৰি তেওঁ কয় যে কেবিনেটৰ সিদ্ধান্ত অনুসৰি তিৱা স্বায়ত্ত শাসিত পৰিষদৰ সদস্য সংখ্যা ৩৬ ৰ পৰা ৪২ লৈ বৃদ্ধি কৰা হয়। মিছিং, ৰাভা হাচং, ঠেঙাল, সোণোৱাল, দেউৰী আৰু বড়ো-কছাৰী ৱেলফেয়াৰ কাউন্সিলৰ নিৰ্বাচন ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ আৰু ৰাভা হাচঙৰ নিৰ্বাচন এপ্ৰিল মাহৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

নতুন পৰিষদ গঠন নোহোৱা পর্যন্ত বৰ্তমানৰ পৰিষদ কেইখনে কার্যসূচী চলাই থাকিব। চৰকাৰী চাকৰিত কাম কৰি থকা আয়ুর্বেদিক স্নাতকোত্তৰ ডাক্তৰসকলক তিনিটা ইনক্রিমেন্ট দৰমহাৰ লগত দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।