‘কা’ অধীনত নাগৰিকত্বৰ বাবে অসমত আঠজনৰ আবেদন: মুখ্যমন্ত্ৰী

28

অসমত বৰ্তমানলৈকে ‘কা’ অধীনত নাগৰিকত্বৰ বাবে মাত্ৰ আঠজনে আবেদন কৰিছে আৰু তেওঁলোকৰ ভিতৰত দুজন লোকেহে শুনানীত অংশগ্ৰহণ কৰিছে। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।তেওঁ কয়-যেতিয়া মই কিছুমান হিন্দু বাঙালী পৰিয়ালৰ সৈতে যোগাযোগ কৰিছিলো আৰু সুধিছিলো যে তেওঁলোকে ‘কা’ৰ অধীনত নাগৰিকত্বৰ বাবে কিয় আবেদন কৰা নাই, তেওঁলোকে নিশ্চিত নোহোৱাৰ কথা কৈছিল।

আৰু কৈছিল যে এইটো তেওঁলোকৰ বাবে সঠিক কথা নহয়। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এখন সংবাদ মেলত কয় -এই পৰিয়ালবোৰে মোক কৈছিল যে তেওঁলোকে ১৯৭১ চনৰ আগতে ভাৰতত প্ৰৱেশ কৰিছিল আৰু সেয়েহে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰিব নিবিচাৰে।তেওঁলোকে আদালতত তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰিব বিচাৰে। তেওঁ ‘কা’ সন্দৰ্ভত দল-সংগঠনসমূহে কৰি অহা দাবীকো নাকচ কৰে।

উল্লেখ্য যে ৩১ ডিচেম্বৰ, ২০১৪-ৰ আগতে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ছয়টা সম্প্ৰদায়ৰ অ-মুছলমানসকলে ‘কা’ আইনখনৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন কৰিবলৈ যোগ্য।