আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ-উল-আজহা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ।পুৱাৰ ভাগত সমূহীয়া নামাজ আদায় কৰে বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মালম্বী লোকসকলে ।ঈদৰ পবিত্ৰ শুভক্ষণত বিশ্বশান্তিৰ কামনাৰে ইজনে আনজনক আলিংগনৰে শুভেচ্ছা জ্ঞাপন কৰে ।ঈদ উপলক্ষে ব্যাপক উচাহ উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হয়।
