অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।বজাৰত পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য। এইবাৰ প্ৰতি প্লেট কণীত ২৩০-১৪০ টকালৈ বৃদ্ধি হৈছে। গুৱাহাটীৰ বজাৰত প্ৰতি প্লেট কণীৰ মূল্য ২৩০-২৪০ টকা পৰ্যন্ত বিক্ৰী হৈছে। আনহাতে বজাৰত প্ৰতিটো কণী ৮ টকাকৈ বিক্ৰী হৈছে।
বজাৰত পূৰ্বতকৈ ৩০-৪০ টকা পৰ্যন্ত কণীৰ মূল্য বৃদ্ধি পাইছে। শাক পাচলিৰ জুই-ছাই দামে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ সমান্তৰালকৈ কণীৰ মূল্যবৃদ্ধিয়েও বিপাঙত পেলাইছে ৰাইজক।
