অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক । ইয়াৰ মাজতেই আকৌ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে কণীৰ মূল্য় । দাইল, মিঠাতেল, গাখীৰৰ সমান্তৰালভাৱে কণীৰ দাম বৃদ্ধি হোৱাত মূৰে-কপালে হাত দিছে সাধাৰণ ৰাইজে ।বজাৰত পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য । মহানগৰীৰ বজাৰত খুচুৰা মূল্যত প্ৰতিটো কণী ৮-১০ টকা পৰ্যন্ত বিক্ৰী হৈছে । তাৰ বিপৰীতে প্ৰতিটো কণীৰ প্লেটত ২৩০-২৫০ টকা পৰ্যন্ত বিক্ৰী হোৱা বুলি ব্য়ৱসায়ীসকলে উল্লেখ কৰিছে । ইপিনে, পাইকাৰী বজাৰত কণীৰ মূল্য প্ৰতি কাৰ্টনত (প্ৰতি কাৰ্টনত ৭ প্লেট থাকে) ১৫৫০-১৬০০ টকা পৰ্যন্ত বিক্ৰী হৈছে ।২০২৫ বৰ্ষত প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য ১০০০ টকাৰ পৰা ১৫৭০ টকালৈ বৃদ্ধি ।
