এডটেক টিচমিণ্টৰ ব্র্যান্ড অ্যাম্বাসেডৰ ৰাজকুমাৰ ৰাও

135

ব্যাঙ্গালোৰস্থিত এডটেক উদ্ভাৱক, টিচমিণ্টে, অভিনেতা ৰাজকুমাৰ ৰাওক দেশজুৰি চেলিব্ৰিটি ব্র্যান্ড অ্যাম্বাসেডৰ হিচাপে নিযুক্ত কৰিছে।টিচমিণ্টৰ ফেচ হিচাপে, ৰাজকুমাৰে ব্ৰেণ্ডটোৰ শেহতীয়া #টিচমিণ্টপেটিচিংআচানহ্যা অভিযানৰ নেতৃত্ব দিয়ে আৰু এজন চাইন্স টিউটৰ, আলোক ছাৰৰ চৰিত্ৰত অভিনয় কৰে, যিজনে টিচমিণ্টৰ জৰিয়তে অনলাইন শিক্ষাদান আৰম্ভ কৰিছে।এইখন প্ৰচাৰৰ টেগলাইন হৈছে ‘চাহে জেইছি ভি জৰুৰত হো, টিচমিণ্ট পে… টিচিং আসান হে!’।

ব্ৰেণ্ডটোৱে এডটেকত এটা নতুন শ্ৰেণী স্থাপন কৰাৰ বাবে গৌৰৱ কৰে য’ত যিকোনো শিক্ষকে তেওঁলোকৰ অনলাইন ক্লাস স্থাপন কৰিব পাৰে আৰু কেই মিনিট মানৰ ভিতৰত লাইভ হ’ব পাৰে।এই সন্দৰ্ভত মন্তব্য কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিজয়ী ৰাজকুমাৰ ৰাৱে কয়, শিক্ষা যিকোনো ৰাষ্ট্ৰ নিৰ্মাণৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ। যোৱা এবছৰে শিক্ষক আৰু তেওঁলোকৰ শিক্ষাৰ্থীসকলে ডিজিটেল ভাৱে সংযোগ কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰৰ ওপৰত আলোকপাত কৰিছে।