দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে (২ নৱেম্বৰ) মধ্যপ্ৰদেশলৈ ৰাওনা হয়। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তেওঁ চিঙৰৌলীত ৰোড শ্ব’ অনুষ্ঠিত কৰিব। আজি তেওঁ দিল্লীৰ সুৰা নীতি কেলেংকাৰীৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হ’ব লাগিছিল যদিও ইডিলৈ পত্ৰ প্ৰেৰণ কৰি চমন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে এই চমন অবৈধ আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত। তেওঁৰ অভিযোগ যে বিজেপিৰ নিৰ্দেশত চমন প্ৰেৰণ কৰা হৈছে। ৩০ অক্টোবৰত ইডিয়ে তেওঁক চমন প্ৰেৰণ কৰি হাজিৰ হ’বলৈ কৈছিল।
সুৰা নীতি কেলেংকাৰিৰ গোচৰত দাখিল কৰা চাৰ্জ শ্বীটত ইডিয়ে বাৰে বাৰে অৰবিন্দ কেজৰিৱালৰ নাম উল্লেখ কৰি আহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত চিবিআইয়ে তেওঁক এই গোচৰত জেৰা কৰিছিল। আজি অৰবিন্দ কেজৰিৱাল হাজিৰ নোহোৱাৰ পিছত ইডিৰ বাবে কি বিকল্প বাকী আছে আৰু অৰবিন্দ কেজৰিৱালৰ হাতত কি কি বিকল্প আছে, সেয়া জনাব বিচাৰিছো।
ইয়াৰ পিছত ইডিয়ে কি কৰিব পাৰে?
বলবৎকাৰী সঞ্চালকালয়ে পুনৰ চমন প্ৰেৰণ কৰিব পাৰে অৰবিন্দ কেজৰিৱাললৈ। এজন ব্যক্তিয়ে ইডি চমনক মাত্ৰ তিনিবাৰহে আওকাণ কৰিব পাৰে। চমন প্ৰেৰণ কৰাৰ পিছত তদন্তকাৰী সংস্থাই নন-বেইলবল ৱাৰেণ্ট দাবী কৰিব পাৰে। নন-বেইলেবল ৱাৰেণ্ট হৈছে আদালতৰ আদেশ, য’ত নিৰ্দিষ্ট সময় আৰু তাৰিখত হাজিৰ হোৱাটো প্ৰয়োজনীয়। যদি কোনোবাই জামিনহীন ৱাৰেণ্ট মানি নচলে তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰি আৰু তাৰ পিছত আদালতত হাজিৰ হ’ব।
অৰবিন্দ কেজৰিৱালৰ বাবে কি কি বিকল্প?
অৰবিন্দ কেজৰিৱালে আদালতৰ কাষ চাপি চমনক প্ৰত্যাহ্বান জনাই আগতীয়া জামিন দাবী কৰিব পাৰে। সুৰা নীতি কেলেংকাৰীৰ গোচৰত আম আদমী পাৰ্টিৰ অশান্তি বৃদ্ধি পাইছে। ফেব্ৰুৱাৰী মাহত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা তেওঁ অহৰহ জামিন দাবী কৰি আহিছে যদিও সকাহ নাপালে। সোমবাৰেও (৩০ অক্টোবৰ) উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰে। একে সময়তে ৫ অক্টোবৰত আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰা হৈছে। এইবোৰৰ উপৰিও আজি দিল্লী চৰকাৰৰ মন্ত্ৰী ৰাজ কুমাৰ আনন্দৰ চৌহদতো অভিযান চলোৱা হৈছে।
অৰবিন্দ কেজৰিৱালে চিঙৰাউলীত ৰোড শ্ব’ কৰিব
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অৰবিন্দ কেজৰিৱালে আজি মধ্যপ্ৰদেশত বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব আৰু চিঙৰাউলিত ৰোড শ্ব’ অনুষ্ঠিত কৰিব। ইয়াত পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানেও তেওঁৰ লগত সংগ দিব৷ কোৱা হৈছে যে মধ্যপ্ৰদেশৰ পিছত তেওঁ ছত্তীশগড়তো ভ্ৰমণ কৰিব। অহা ৩ আৰু ৪ নৱেম্বৰত ছত্তীশগড়ৰ ৰায়পুৰ আৰু বিলাসপুৰত প্ৰচাৰ চলাব। অৰবিন্দ কেজৰিৱালে অভিযোগ কৰে যে তেওঁক প্ৰচাৰ বন্ধ কৰিবলৈ এই ইডি চমন প্ৰেৰণ কৰা হৈছে আৰু বিজেপিয়ে এই সকলোবোৰ কাম কৰি আছে।