ৰাজ্যৰ হোটেল- ৰেস্তোৰাঁকে ধৰি ৰাজহুৱা স্থানত গো- মাংস ভক্ষণ নিষিদ্ধ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বুধবাৰে দিল্লীত সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। দিল্লীৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-অসমত হোটেল, ৰেস্তোৰাঁত নচলিব গো-মাংস।
কোনো ৰাজহুৱা উৎসৱ-পাৰ্বণৰ লগতে ৰাজহুৱা স্থানত গো- মাংস ভক্ষণত আমি বাধা আৰোপ কৰিছো। চামগুৰি উপ-নিৰ্বাচনত বিজেপিৰ হাতত কংগ্ৰেছ পৰাজিত হোৱাৰ পিছত কংগ্ৰেছে গো-মাংসক লৈ এক বিতৰ্কৰ সূচনা কৰিছিল।
বিৰোধী কংগ্ৰেছ দলে চামগুৰি উপ-নিৰ্বাচনত গো-মাংসৰ প্ৰচলনক লৈ কৰা ধাৰাবাহিক মন্তব্য আৰু বিজেপিক কৰা সমালোচনাৰ পিছতেই অসম চৰকাৰৰ এই সিদ্ধান্তই বিশেষ তাৎপর্য বহন কৰিছে। ইয়াক লৈ এতিয়া ৰাজ্যত আৰোপ-প্ৰত্যাৰোপ আৰম্ভ হৈছে।