ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।
৫ জানুৱাৰী, সোমবাৰে পুৱতি নিশা ০৪:১৭ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।
