ৰাজ্যত মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধ আৰু নিবনুৱা সমস্যাৰ ভয়ংহৰ ৰূপক লৈ শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই। বৃহস্পতিবাৰে গুৱাহাটীত এক বিশাল জনসভাক সম্বোধন কৰি বাদ্ৰাই অভিযোগ কৰে যে নিৰ্বাচনৰ পূৰ্বে মহিলাসকলক নগদ ধন বিতৰণ কৰা বিজেপিয়ে বিগত পাঁচটা বছৰত তেওঁলোকৰ নিৰাপত্তা আৰু স্থায়ী কৰ্মসংস্থাপনৰ দিশটো সম্পূৰ্ণৰূপে আওকাণ কৰিছে। মহিলাসকলক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে চৰকাৰখনে কেৱল নিৰ্বাচনী ইছ্যু ব্যৱহাৰ কৰা বুলিও তেওঁ মন্তব্য কৰে।
প্ৰিয়ংকা গান্ধীৰ মতে, বিজেপি শাসিত ৰাজ্যসমূহত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তেওঁ ৰাইজক প্ৰশ্ন কৰি কয়, “বিগত পাঁচ বছৰত মহিলাসকলক সুৰক্ষা দিয়া হৈছে নে? কিমানগৰাকী মহিলাই চাকৰি পালে? প্ৰকৃততে নিৰ্বাচন আহিলে চৰকাৰে টকা দি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে, কিন্তু মহিলাসকলক নিজৰ ভৰিত থিয় হ’বলৈ কোনো সহায় নকৰে।” তেওঁ লগতে অভিযোগ কৰে যে ৰাজ্যৰ সমস্ত সম্পত্তি এতিয়া জনসাধাৰণৰ হাতৰ পৰা গৈ এজন বিশেষ ব্যক্তি বা এটা বিশেষ পৰিয়ালৰ হাতত কেন্দ্ৰীভূত হৈছে।
ভ্ৰমণৰ প্ৰথম দিনটোতে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে এখন ২০ দফীয়া ‘অভিযোগনামা’ উন্মোচন কৰে। মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰকাশ কৰা এই নথিপত্ৰখন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত গঠিত এখন সমিতিয়ে প্ৰস্তুত কৰিছে। এই ‘অভিযোগনামা’ত বিজেপি চৰকাৰৰ দুৰ্নীতি, অপশাসন আৰু জনবিৰোধী নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।
সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে প্ৰিয়ংকা গান্ধীৰ এই ভ্ৰমণে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ কৰ্মীসকলৰ মাজত নতুন উৎসাহৰ সঞ্চাৰ কৰিছে। স্ক্ৰীনিং কমিটিৰ অধ্যক্ষ হিচাপে তেওঁৰ পোনপটীয়া তদাৰকীত কংগ্ৰেছে এইবাৰ অধিক শক্তিশালী ৰূপত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, প্ৰিয়ংকা গান্ধীৰ এই আক্ৰমণাত্মক স্থিতি আৰু ‘চাৰ্জশ্বীট’ দাখিলে আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে প্ৰত্যাহ্বান বৃদ্ধি কৰিব।
