আপুনিও বৃক্কৰ পাথৰৰ সমস্যাৰ সৈতে যুঁজি আছে নেকি, তেন্তে কামত আহিব এইবিধ ঔষধ ৷বৃক্কৰ পাথৰৰ সমস্যাৰ ক্ষেত্ৰত বাৰুকৈয়ে দুপৰটেঙা লাভদায়ক নেকি ? কি কয় গৱেষণাই?তেন্তে আজি জানো আহক ইয়াৰ বিষয়ে।হয় আমাৰ আশে পাশে থকা সহজে উপলব্ধ দুপৰটেঙা পাত আপোনাৰ বৃক্কৰ স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ যদিহে আপুনি এই কামসমূহ কৰে।

উল্লেখযোগ্য যে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দুপৰটেঙাৰ পাত খাব পাৰে। ইয়াৰ বাবে আপুনি দুপৰটেঙাৰ পাত লৈ পিচত তাত মিশ্ৰি অলপ দিব আৰু এই দুয়োটা বস্তু ভালদৰে পিহি হৈ সেৱন কৰিলে বৃক্কৰ পাথৰৰ সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ৷

উল্লেখযোগ্য যে আমাৰ দেহত পানী কমকৈ খোৱা, ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱা, কেলচিয়ামৰ ঔষধ অত্যধিক পৰিমাণে সেৱন কৰা, চেনি বা ছডিয়াম অত্যধিক সেৱন আদি বহু কাৰণত বৃক্কত পাথৰৰ সৃষ্টি হ’ব পাৰে ৷সেয়েহে ওচৰতে পোৱা এইবিধ খাদ্য যদি আমি খোৱাৰ অভ্যাস কৰো তেন্তে বহু উপকৃত পোৱা যায় বুলি বহুতে উল্লেখ কৰে।