DU ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীক জে বি ল কলেজৰ পৰা বহিস্কাৰ…

335

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰধান অভিযুক্ত ৰাহুল চেত্ৰীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গুৱাহাটীৰ জে.বি ল কলেজৰ পৰা বহিস্কাৰ কৰা হৈছে।

শনিবাৰে আইন মহাবিদ্যালয়ত অনুষ্ঠিত শাসকীয় সংস্থাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

ৰাহুল চেত্ৰী জে বি ল কলেজৰ এল এল বি তৃতীয় ষান্মাসিকৰ ছাত্ৰ আছিল।

মহাবিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী অনুসৰি, “ৰাহুল চেত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈছিল আৰু কনিষ্ঠ ছাত্ৰ-ছাত্ৰীক ৰেগিং কৰি শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে গুৰুতৰ আঘাত দিয়াৰ জঘন্য কামত জড়িত বুলি অভিযোগ উঠিছে। ইতিমধ্যে তেওঁক প্ৰশাসনে পলাতক বুলি ঘোষণা কৰিছে আৰু এতিয়ালৈকে তেওঁ নিজৰ পক্ষ ৰক্ষা কৰি কোনো কাগজ বা আন ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই।”

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাই ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেল বিল্ডিঙৰ তৃতীয় মহলাৰ পৰা জপিয়াই পৰে। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা পলাতক হৈ আছে ৰাহুল চেত্ৰী।

আনহাতে, বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক গোচৰত জড়িত থকাৰ অভিযোগত ৰুষ্টিক কৰা হৈছে।