ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ আন এজন অভিযুক্তক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়।
ধৃত ছাত্ৰ নেতাজনৰ নাম সুব্ৰজিৎ বৰুৱা।
ডিব্ৰুগড় জিলাৰ টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডত তেওঁৰ নাম জড়িত হৈ পৰাত পলাতক হৈ আছিল সুব্ৰজিৎ বৰুৱা।
ইফালে, বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত বহিস্কাৰ কৰা হৈছে।
উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ প্ৰথম ষান্মাসিকৰ এগৰাকী ছাত্ৰই দেওবাৰে ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেল ভৱনৰ তৃতীয় মহলাৰ পৰা জপিয়াই পৰে।
ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা।
দেওবাৰে নিশা সংঘটিত হোৱা এই ৰেগিং কাণ্ডৰ সৈতে জড়িত তিনিজন জ্যেষ্ঠ ছাত্ৰক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে।
এই গোচৰৰ সন্দৰ্ভত আটক কৰা ছাত্ৰ কেইজন হৈছে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ হোষ্টেলৰ আৱাসী সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ আৰু প্ৰাণজিৎ বৰুৱা।
