ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ প্ৰধান অভিযুক্ত ৰাহুল চেত্ৰীক পাঁচ দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে।
সোমবাৰে পুৱা ৬ বজাত তিনিচুকীয়া জিলাৰ লেখাপানী থানাত আত্মসমৰ্পণ কৰে প্ৰধান অভিযুক্ত ৰাহুল চেত্ৰীয়ে।
২৭ নৱেম্বৰত ৰেগিং কাণ্ড পোহৰলৈ অহাৰ পিছৰে পৰা পলায়ন কৰি আছিল চেত্ৰী।
উল্লেখ্য যে, জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ পৰা হাত সাৰিবলৈ ছাত্ৰাৱাসৰ দুমহলাৰ পৰা জঁপিয়াইছিল আনন্দ শৰ্মা নামৰ এজন কনিষ্ঠ ছাত্ৰই।
তাৰ পিছৰে পৰা আনন্দ শৰ্মা চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু ১ ডিচেম্বৰত তেওঁৰ সফল অস্ত্ৰোপচাৰ কৰা হয়।