DTO সমেশ্বৰ ব্ৰহ্ম মুচাহাৰীৰ বাসগৃহত আৰক্ষীৰ অভিযান, জব্দ ৩৬ লাখ টকা

239

ছিণ্ডিকেট চলোৱাৰ সন্দৰ্ভত বুধবাৰে অসমৰ কোকৰাঝাৰ আৰক্ষীয়ে জিলা পৰিবহণ কাৰ্যালয়ৰ এজন চৰকাৰী বিষয়াকে ধৰি তিনিজন লোকক জিম্মাত লৈছিল।

অসমৰ আইন-শৃংখলাৰ বিশেষ ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতাৰ বিষয়ে অৱগত কৰে।

সিঙে জনোৱা মতে, কোকৰাঝাৰ আৰক্ষীয়ে এটা অপৰাধমূলক গোচৰৰ ভিত্তিত গভীৰ নিশা অভিযান চলাইছিল, কোকৰাঝাৰ, বিটিআৰৰ ডিটিঅ’ৰ ভাৰপ্ৰাপ্ত বিষয়াক গ্ৰেপ্তাৰ কৰা হয়।

অভিযানৰ সময়ত আৰক্ষীয়ে তেওঁৰ বাসগৃহৰ পৰাও ৩৬ লাখ টকা উদ্ধাৰ কৰে, যিটো জব্দ কৰা হৈছে বুলি শীৰ্ষ পুলিচে লগতে কয়।

ইফালে, কলংকিত বিষয়াজনৰ নাম সমেশ্বৰ ব্ৰহ্ম মুচাহাৰী, বয়স ৫৪ বছৰ। অভিযান কালত আৰক্ষীয়ে তেওঁৰ দুজন সহযোগীকো আটক কৰে।

ৰিচাৰ্ড মুচাহাৰী আৰু মনোজ বসুমতাৰী বুলি জানিব পৰা গৈছে। আটাইকেইজনেই শ্ৰীৰামপুৰ ছিণ্ডিকেটৰ অংশ হোৱাৰ অভিযোগ উত্থাপন হৈছে।

বিষয়াসকলে আৰু জনায় যে তেওঁলোকে ৰিচাৰ্ড মুচাহাৰীৰ বাসগৃহৰ পৰাও ১.৫ লাখ টকাৰ নগদ ধন উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে এনে বিষয়াৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ১৩ জন লোকক।