DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত চলিল ভিজিলেঞ্চৰ অভিযান, ৭ লক্ষাধিক টকা উদ্ধাৰ

380

ডিব্ৰুগড়ৰ ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত উদ্ধাৰ ৭ লক্ষাধিক টকা।

শুকুৰবাৰে ডিটিঅ’ সঞ্জীৱ হাজৰিকাৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত বাসগৃহত অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই।

এই অভিযানত ৭,০৩,৮০০ টকা নগদ ধন উদ্ধাৰ কৰাৰ লগতে বিমুদ্ৰাকৰণৰ পূৰ্বে সাঁচি ৰখা ৮৭ হাজাৰ অচল নোটো উদ্ধাৰ কৰে অভিযানকাৰী দলে।

টুইটযোগে এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ডিব্ৰুগড় ডিটিঅ’ৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈৰ বাসগৃহতো তালাচী চলাইছিল আৰক্ষীয়ে।

সেই তালাচীৰ সময়ত উদ্ধাৰ হৈছিল প্ৰায় ৯ লাখ ৫২ হাজাৰ টকা নগদ ধন।