ডিএছপি মিউচুৱেল ফাণ্ডে ২০২৪ত এক চিন্তাশীল পৰ্টফলিঅ’ পদ্ধতিৰ বাবে নিজৰ অন্তৰ্দৃষ্টি প্ৰকাশ কৰিছে। ডিএছপিয়ে বিভিন্ন বজাৰৰ পৰিস্থিতিৰ সময়ত ভাৰসাম্য বজাই ৰাখিবলৈ বজাৰ কেপ ছেগমেণ্টসমূহৰ মাজেৰে সদায়ে আপোনাৰ পৰ্টফলিঅ’ বৈচিত্ৰ্যময় কৰাৰ পোষকতা কৰি আহিছে। ২০২৩ চনত বিশ্ব অৰ্থনীতিয়ে স্থিতিস্থাপকতা দেখুৱালেও মুদ্ৰাস্ফীতি আশা কৰাতকৈ দ্ৰুতগতিত হ্ৰাস হৈছিল আৰু কোম্পানীসমূহে কেঁচামালৰ মূল্য কম হোৱাৰ বাবে অধিকাংশ সুযোগ আদায় কৰিছিল, যাৰ ফলত পাৰ্থক্য যথেষ্ট বৃদ্ধি হৈছিল। ভাৰতৰ ইতিবাচক গৃশ্যপট অব্যাহত থকাৰ ফলত আপেক্ষিকভাৱে সমৃদ্ধি বহুগুণ বৃদ্ধি পালে।
ডিএছপিৰ অগ্ৰাধিকাৰ মানসম্পন্ন মিডকেপ কোম্পানীবোৰৰ প্ৰতি সদায়ে থাকে, কিয়নো তেওঁলোকে সম্পদ সৃষ্টিৰ বাবে অধিক কাৰ্যকৰী দৃষ্টিভংগী প্ৰদান কৰে আৰু অস্থিৰতা হ্ৰাস কৰি কম ড্ৰডাউন কৰে। ইয়াৰ ফলত প্ৰতিটো খণ্ডৰ ব্যৱসায়িক চক্ৰ আৰু মূল্যায়ন চক্ৰ অনুঢাৱন কৰাটো আগলৈ গৈ ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰে। এই বিষয়ে ডিএছপি মিউচুৱেল ফাণ্ডৰ ইকুইটিজৰ মুৰব্বী ভিনিট ছাম্ব্ৰে কয় যে, “আমাৰ লক্ষ্য অটুট আছে যাতে বৰ্তমানৰ ৩.৫ মিলিয়ন বিনিয়োগকাৰীৰ বাবে বিত্তীয় ফলাফল উন্নত কৰাৰ লগতে নতুন বিনিয়োগকাৰীক আদৰণি জনাব পৰা যায়, যিয়ে নিজৰ বিত্তীয় লক্ষ্যত উপনীত হ’বলৈ আমাৰ সহজ আৰু অনুশাসিত পদ্ধতিৰ পৰা লাভৱান হ’ব পাৰে।”
শেহতীয়া তথ্যই অপাৰেটিং প্ৰদৰ্শনৰ উন্নতিক সূচায়, যাৰ ফলত ডিএছপিয়ে পিএছইউ কোম্পানীবোৰত নিজৰ হোল্ডিং বৃদ্ধি কৰিছে। ডিএছপিয়ে বিনিয়োগকাৰীসকলক এক পৰিৱৰ্তনশীল গ্লবেল দৃশ্যপটৰ বাবে ভাৰতত সাজু হ’বলৈ সচেষ্ট কৰি দিছে, যাৰ ভিতৰত আছে ডলাৰ শক্তিশালী হোৱা, ভূ-ৰাজনৈতিক পৰিৱৰ্তন, বৰ্ধিত সূতৰ হাৰ, উন্নয়ন ইত্যাদি বিভিন্ন কাৰক। ভাৰতৰ ঘৰুৱা বৃদ্ধিয়ে হয়তো বিশ্বৰ বৃহৎ বিপদৰ সৈতে মোকাবিলা কৰি বিশেষ প্ৰভাৱ হ্ৰাস কৰিব পাৰে, কিন্তু চলিত বৰ্ষৰ বাবে দেশৰ সমৃদ্ধ মূল্যাঙ্কনৰ ওপৰত আধাৰিত কৰি প্ৰত্যাশা নিৰ্ধাৰণ কৰিব লাগে।