ডি এছ পি মিউচুৱেল ফাণ্ডৰ ডিএছপি নিফটি স্মলকেপ২৫০ কোৱালিটী ৫০ ইণ্ডেক্স ফাণ্ড মুকলি

340

ডিএছপি মিউচুৱেল ফাণ্ডে প্ৰথমবাৰৰ বাবে ‘গুণগত মানৰ কেন্দ্ৰীভূত’ স্মলকেপ ফাণ্ড ডিএছপি নিফটি স্মলকেপ২৫০ কোৱালিটী ৫০ ইণ্ডেক্স ফাণ্ড(ডিএছপি এনএছকিউ৫০আইএফ) মুকলিৰ কথা ঘোষণা কৰিছে, যি হৈছে নিফটি স্মলকেপ২৫০ কোৱালিটী ৫০ সূচক অনুসৰণ কৰা এক অপেন-এণ্ডেড আঁচনি। নিফটি স্মলকেপ২৫০ কোৱালিটী ৫০ ইণ্ডেক্সে বৰ্জন আৰু ষ্টক বাছনিৰ চৰ্ত ব্যৱহাৰ কৰি নিফটি ইউনিভাৰ্ছৰ ২৫০টা ষ্টকৰ পৰা ৫০ টা ষ্টক বাছনি কৰে।

কোৱালিটী ফিল্টাৰত ইকুইটিৰ ওপৰত ৰিটাৰ্ণ, ইকুইটিলৈ ঋণ আৰু প্ৰতি শ্বেয়াৰত আয় অন্তৰ্ভুক্ত কৰা হৈছে। এই ইণ্ডেক্সে বহল নিফটি স্মলকেপ২৫০ৰ তুলনাত ইকুইটিৰ ওপৰত অধিক ৰিটাৰ্ণ আৰু কম লিভাৰেজ থকা প্ৰতিষ্ঠানসমূহক চিনাক্ত কৰে।

বিনিয়োগকাৰীসকলক ডিএছপি এনএছকিউ৫০আইএফক এছআইপি ৰাউট(পথ)ৰ জৰিয়তে ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াৰ ধাৰাবাহিক ১০ বছৰৰ সামঞ্জস্যপূৰ্ণ ৰিটাৰ্ণ, বহল সূচকাংকৰ তুলনাত উন্নত ৰিটাৰ্ণ আৰু বজাৰৰ উঠা-নমা বা তাৰতম্য নিৰ্বিশেষে একেধৰণৰ ৰিটাৰ্ণ দেখা গৈছে। দৰাচলতে ২০০৭ৰ ১০ ডিচেম্বৰৰ পৰা ২০১০ৰ ১০ নৱেম্বৰলৈ, ২০১০ৰ ১০ নৱেম্বৰৰ পৰা ২০১৪ৰ ১৯ মে’লৈ আৰু ২০১৮ৰ ১৫ জানুৱাৰীৰ পৰা ২০২১ৰ ১৬ মাৰ্চলৈকে বহল সূচকাংকত এককালীনভাৱে ০% ৰিটাৰ্ণ দিছিল, বহল সূচকাংকত এছআইপিৰিটাৰ্ণ ১৮ৰ পৰা ৪১%ৰ ভিতৰত যিকোনো আছিল আৰু গুণগত মানদণ্ড সূচকত একে সময়তে ২০ৰ পৰা ৫২%ৰ ভিতৰত হ’লহেঁতেন। এই বিষয়ে ডিএছপি মিউচুৱেল ফাণ্ডৰ পেচিভ ইনভেষ্টমেণ্টছ এণ্ড প্ৰডাক্টছৰ চিএফএ, হেড অনিল গেলানীয়ে কয় যে, “আমি বিনিয়োগকাৰীসকলক বজাৰ চক্ৰৰ মাজেৰে এক উন্নত অভিজ্ঞতাৰ বাবে এছআইপি পথৰ জৰিয়তে দীঘলীয়া সময়ৰ বাবে ডিএছপি এনএছকিউ৫০আইএফত বিনিয়োগ কৰিবলৈ পৰামৰ্শ দিওঁ।”