ডিএছপি মিউচুৱেল ফাণ্ডে ঘোষণা কৰিছে ডিএছপি মাল্টিকেপ ফাণ্ড, প্ৰদান কৰিছে বিনিয়োগকাৰীক বজাৰ কেপৰ মাজেৰে বৈচিত্ৰ্যতা

1073

ডিএছপি মিউচুৱেল ফাণ্ডে ৮ জানুৱাৰীত শেহতীয়া অফাৰ ডিএছপি মাল্টিকেপ ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে বিনিয়োগকাৰীক নিজৰ পৰ্টফলিঅ’ত অতুলনীয় নমনীয়তা আৰু বৈচিত্ৰ্য প্ৰদানৰ লক্ষ্যৰে প্ৰদান কৰা এক কৌশলগত পদক্ষেপ। ডিএছপি মাল্টিকেপ ফাণ্ডে লাৰ্জ কেপ, মিড কেপ, আৰু স্মল কেপ ষ্টকৰ লগতে বিভিন্ন বিনিয়োগ ষ্টাইল আৰু উদ্যোগৰ মাজেৰে সুযোগৰ প্ৰৱেশ প্ৰদান কৰি বিনিয়োগকাৰীক শক্তিশালী কৰিব বিচাৰে, কিয়নো এইখন এখন গতিশীল বজাৰ য’ত বিজয়ীসকলৰ ধাৰা বা অৱস্থিতি ধাৰাবাহিকভাৱে সলনি হয়।

নতুনকৈ মুকলি এই স্কিম ২০২৪ চনৰ ৮ জানুৱাৰীত চাবস্ক্ৰিপচন(সদস্যতা)ৰ বাবে মুকলি হ’ব আৰু ২০২৪ চনৰ ২২ জানুৱাৰীলৈকে উপলব্ধ হ’ব। ডিএছপি মাল্টিকেপ ফাণ্ডৰ এক অসাধাৰণ(ষ্টেণ্ডআউট) বিশেষত্ব হ’ল লাৰ্জ, মিড আৰু স্মল কেপ ইকুইটিত নিম্নতম ২৫%  আৰু সৰ্বাধিক ৫০% এক্সপোজাৰৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি, এক সন্তুলিত আৰু বৈচিত্ৰ্যপূৰ্ণ বিনিয়োগ পদ্ধতি নিশ্চিত কৰা। ইয়াৰ উপৰিও এই ফাণ্ডে ইকুইটি আৰু ইকুইটি সম্পৰ্কীয় বহিঃৰাজ্যৰ ছিকিউৰিটিজলৈ ২৫% পৰ্যন্ত আবণ্টন দিব পাৰে, লগতে ঋণ আৰু ধন বজাৰৰ সঁজুলি আৰু আৰইআইটি আৰু ইনভিআইটিয়ে জাৰি কৰা ইউনিটৰ অনুমোদিত এক্সপ’জাৰ প্ৰদান কৰিব পাৰে।

সাম্প্ৰতিক বজাৰ পৰিস্থিতিত এক প্ৰণালীবদ্ধ বিনিয়োগ পদ্ধতিৰ গুৰুত্ব সন্দৰ্ভত ডিএছপি মিউচুৱেল ফাণ্ডৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া কালপেন পাৰেখে বিশেষভাৱে জোৰ দিয়ে। পাৰেখে কয় যে, “আমি এছআইপি-কেন্দ্ৰিত ডিএছপি মাল্টিকেপ ফাণ্ড আৰম্ভ কৰিছো, ৫০% লাৰ্জ কেপ আৰু গোলকীয় ষ্টক অন্তৰ্ভুক্ত কৰি এক সতৰ্ক ৰণকৌশলৰ পোষকতা কৰিছো। এই সংযোজন সময়োপযোগী, বিশেষকৈ স্মল এণ্ড মিড কেপত বৰ্তমানৰ ট্ৰেণ্ড বা উচ্ছ্বাসৰ কথা বিবেচনা কৰি এই পদক্ষেপ লোৱা হৈছে। এই পুঁজিটোৰ লক্ষ্য হৈছে সমৃদ্ধি আৰু মূল্যৰ শৈলী সংমিশ্ৰণ ঘটাই বিনিয়োগকাৰীসকলে বজাৰৰ সময় নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা নোহোৱা কৰা আৰু কৰ দক্ষতা সুনিশ্চিত কৰা।”