ডিএছপি মিউচুৱেল ফাণ্ডে মুকলি কৰিছে ডিএছপি মাল্টি এছেট এল’কেচন ফাণ্ড

1317

ডিএছপি মিউচুৱেল ফাণ্ডে মুকলি কৰিছে ডিএছপি মাল্টি এছেট এল’কেচন ফাণ্ড (ডিএছপি এমএএএফ) মুকলি কৰিছে। যি হৈছে এক মুক্ত আঁচনি, যিয়ে ইকুইটিৰ দৰে দীৰ্ঘম্যাদী ৰিটাৰ্ণ প্ৰদান কৰি বজাৰৰ স্থিতিস্থাপকতা যোগ কৰে। এই আঁচনিখনে সামগ্ৰিক বিপদাশংকা হ্ৰাস কৰিবলৈ ঘৰুৱা ইকুইটি, আন্তৰ্জাতিক ষ্টক, ঋণ সঁজুলি, গল্ড ইটিএফ, পণ্য আৰু ইটিএফ তথা ইটিএফ চিডিকে ধৰি বিভিন্ন সম্পদ শ্ৰেণীত বিনিয়োগৰ বৈচিত্ৰ্যতা প্ৰদান কৰে।

ডিএছপি এমএএফে ইকুইটিত ৩৫-৮০% বিনিয়োগ কৰিব পাৰে। আন্তঃৰাষ্ট্ৰীয় ইকুইটিত ৫০% পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। ইয়াৰ লগতে ১০-৫০% ঋণত, ১০-৫০% গোল্ড ইটিএফত, ০-২০% অন্যান্য সামগ্ৰীত আৰু ১০% পৰ্যন্ত আৰইআইটি আৰু ইনভিআইটিত বিনিয়োগ কৰিব পাৰে। সময়ৰ লগে লগে সৰ্বোত্তম প্ৰদৰ্শন কৰা সম্পত্তিৰ শ্ৰেণীটো ভিন্ন হ’ব পাৰে, যাৰ ফলত প্ৰতি বছৰে বিজয়ীৰ ভৱিষ্যদ্বাণী কৰাটো কঠিন হৈ পৰে। ডিএছপি এমএএফে দীৰ্ঘম্যাদী প্ৰত্যাশিত ৰিটাৰ্ণ, উপলব্ধি কৰা অস্থিৰতা, আৰু সম্পত্তিৰ শ্ৰেণীৰ মাজত সম্পৰ্কৰ ওপৰত ভিত্তি কৰি সম্পত্তি আবণ্টন কৰে, যাৰ ফলত কম অস্থিৰতাৰ সৈতে ঘৰুৱা ইকুইটিলৈ একেধৰণৰ ৰিটাৰ্ণ পোৱা যায়।

এই বিষয়ে ডিএছপি মিউচুৱেল ফাণ্ডৰ এম ডি আৰু চিইঅ’ কল্পেন পাৰেখে কয় যে, “আমাৰ মাল্টি এছেট ফাণ্ডে ভাৰতীয় ইকুইটিত গ্ল’বেল ষ্টক, মূল্যৱান মেটেল(ধাতু) আৰু বণ্ড যোগ কৰে। এনেদৰে বিনিয়োগকাৰীসকলে এইবোৰৰ প্ৰতিটো চক্ৰৰ সুবিধা ল’বলৈ সক্ষম হয় আৰু অৱশেষত একক সম্পদ শ্ৰেণীৰ বিপৰীতে কম তাৰতম্যৰ বাবে পুঁজিত দীঘলীয়া সময়ৰ বাবে বিনিয়োগ কৰি থাকে।”