ডিএছপি মিউচুৱেল ফাণ্ডে ব্যৱসায়িক চক্ৰ ভিত্তিক বিনিয়োগৰ থিম অনুসৰণ কৰি মুক্ত ইকুইটি ডি এছ পি বিজনেছ চাইকেল ফাণ্ড মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই পুঁজিয়ে বিনিয়োগকাৰীসকলক বৃহৎ, মধ্যম আৰু ক্ষুদ্ৰ সম্পদ থকা কোম্পানীকে ধৰি বিভিন্ন বজাৰ মূলধনত বিনিয়োগ কৰাৰ সুযোগ প্ৰদান কৰে। বিনিয়োগ কৌশলে শক্তিশালী বৃদ্ধিৰ সম্ভাৱনা প্ৰদৰ্শন কৰা উদ্যোগ আৰু খণ্ডসমূহলৈ সম্পদসমূহ গতিশীলভাৱে আবণ্টন, মৌলিক দিশসমূহৰ উন্নতি আৰু আকৰ্ষণীয় মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডি এছ পি ব্যৱসায়িক চক্ৰ পুঁজিয়ে অধিক বৃদ্ধি বা টাৰ্নআউট সম্ভাৱনা থকা উদ্যোগ আৰু কোম্পানীসমূহ বাচনি কৰিবলৈ ফ্ৰেমৱৰ্ক-চালিত পদ্ধতি ব্যৱহাৰ কৰে। লগতে আপচাইকেলৰ সময়ত খণ্ডসমূহলৈ সক্ৰিয় আবণ্টনৰ অনুমতি দিয়ে আৰু কেছ কল আৰু অন্যান্য বিপদ ব্যৱস্থাপনা কৌশল ৰূপায়ণ কৰে।
শক্তিশালী উদ্যোগ চক্ৰ চিনাক্তকৰণত মনোনিৱেশ কৰি এই পুঁজিয়ে বজাৰ মূলধনসমূহৰ মাজেৰে এক বাধাহীন বিনিয়োগৰ পদ্ধতি আগবঢ়ায়, যাৰ ফলত বিনিয়োগকাৰীসকলে কোম্পানীসমূহৰ আকাৰ নিৰ্বিশেষে বৃদ্ধিৰ সুযোগত অংশগ্ৰহণ আৰু আগবাঢ়ি যাবলৈ সক্ষম হয়।
“ব্যৱসায়িক থিমৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সময় নিৰ্ধাৰণ বিনিয়োগকাৰীৰ বাবে নিজাববীয়াকৈ কৌশল নিৰ্ধাৰণ হ’ব পাৰে আৰু কেতিয়াবা ভুলো হ’ব পাৰে। এটা নিৰ্দিষ্ট খণ্ডৰ পৰা ওলাই অহাৰ পিছত মূলধন পুনৰ নিয়োগ কৰিলেও এক সম্যক মূল্যায়নৰ প্ৰয়োজন।” ডি এছ পি মিউচুৱেল ফাণ্ডৰ ফাণ্ড মেনেজাৰ চৰণজিৎ সিঙে নিজৰ অভিমত ব্যক্ত কৰি এইদৰে কয়। ডি এছ পি বিজনেছ চাইকেল ফাণ্ডৰ বাবে নতুন ফাণ্ড অফাৰ (এন এফ অ’) ২০২৪ চনৰ ২৭ নৱেম্বৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি হৈ অহা ১১ ডিচেম্বৰত সমাপ্ত হ’ব।