ম্যানমাৰৰ পৰা ড্রাগছ সৰবৰাহৰ ট্ৰেনজিত পইণ্ট হিচাপে অসম চিহ্নিত হৈ আহিছে । ভাৰতলৈ এই ড্রাগছ আহে সোণালী ত্রিভূজৰ পৰা ।ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিগত চাৰি বছৰত এইক্ষেত্রত ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্রাগছৰ বিৰুদ্ধে অভিযান চলাই বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে ।অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান কঠোৰ কৰিছে সিমানেই অসাধু ব্যৱসায়ীসকলে নতুন নতুন কৌশল অৱলম্বন কৰিছে । সৰবৰাহকাৰীসকলে বিভিন্ন কৌশলেৰে ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে । তাৰ মাজতে কিছুমান ধৰা পৰি আহিছে । বিগত জুন মাহত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই প্ৰায় ১০০ কোটি টকাৰো অধিক নিচাযুক্ত সামগ্ৰী তথা ড্রাগছ জব্দ কৰিবলৈ সক্ষম হয় । এইক্ষেত্রত বৰাক উপত্যকাত সৰ্বাধিক
জুন মাহত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত বিভিন্ন সময়ত চলোৱা অভিযানত প্রায় ৭৩ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী জব্দ হৈছিল । তদুপৰি গুৱাহাটী, গোৱালপাৰা, নগাঁও, যোৰহাট, ডিব্ৰুগড় আদি বিভিন্ন জিলাতো কম-বেছি পৰিমাণে ড্রাগছ জব্দ কৰা হৈছে ।
