দক্ষিণ কামৰূপৰ জোৰশিমুলীত দুজনকৈ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ।
চৌতাৰা বজাৰৰ পৰা আটক হয় দুই ড্ৰাগছ মাফিয়া।
ড্ৰাগছ মাফিয়াৰ পৰা উদ্ধাৰ হৈছে ১৭ টাকৈ ড্ৰাগছৰ সন্দেহযুক্ত হেৰোইন ভৰ্তি কন্টেনাৰ।
জোৰশিমুলী আৰক্ষী চকীৰ উপ আৰক্ষী বিষয়া আবিদুৰ ৰহমানে ৰাইজৰ তৎপৰতাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে দুই কুখ্যাত ড্ৰাগছ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে জোৰশিমুলীৰ জমিৰ খান, আৰু ভিতৰদুৱাৰৰ ছানিদুল হক।
দুই কুখ্যাত ড্ৰাগছ মাফিয়াই দীৰ্ঘ দিনে জোৰশিমুলী অঞ্চলত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।
