অশীতিপৰ বৃদ্ধ বয়সতো নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহা চলাই যোৱা এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক পুনৰ গ্ৰেপ্তাৰ কৰিছে নাৰ্ক’টিক বিভাগে। এখন বিলাসী গাড়ীৰ আসনৰ তলত বিশেষ চেম্বাৰ বনাই মণিপুৰৰ পৰা ড্ৰাগছ কঢ়িয়াই অনাৰ সময়তে অভিযানকাৰী দলে নৰেন দত্ত নামৰ ৮০ বছৰীয়া বৃদ্ধজনক হাতে-লোটে ধৰা পেলায়।
গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নাৰ্ক’টিক বিভাগে প্ৰথমে শিৱসাগৰৰ জাঁজীত WB-52X-2363 নম্বৰৰ বাহনখন আটক কৰে। পৰৱৰ্তী সময়ত ধৃত নৰেন দত্তৰ স্বীকাৰোক্তিৰ আধাৰত গোলাঘাট জিলাৰ তেতেলীতলত বাহনখনৰ গোপন কক্ষৰ পৰা ২৫ টা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰে। এই জব্দকৃত ড্ৰাগছখিনি ফৰকাটিঙত সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল অভিযুক্তই।
উদ্ধাৰ হোৱা নিষিদ্ধ সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ১৫-২০ লাখ টকা হ’ব বুলি বিভাগীয় সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্য যে নুমলীগড়ৰ বাসিন্দা নৰেন দত্তক ইয়াৰ পূৰ্বেও একেই গোচৰত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল। জে’লৰ পৰা ওলায়েই তেওঁ পুনৰ এই নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ত লিপ্ত হয়।
বৰ্তমান নাৰ্ক’টিক বিভাগে বৃদ্ধ সৰবৰাহকাৰীজনক নিজৰ জিম্মাত লৈছে আৰু এই বৃহৎ চক্ৰটোৰ সৈতে জড়িত আন সদস্যসকলৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।
