জালুকবাৰী আৰক্ষীয়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত গাড়ীগাঁৱৰ পৰা ড্ৰাগছ সহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী। জালুকবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষীকেশ বৰ্মনৰ নেতৃত্বত গাড়ীগাঁৱৰ মেধিপাৰাত অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত এগৰাকী মহিলাকভ।
ধৃত মহিলা গৰাকীৰ নাম চুৰত জান বেগম বুলি জানিব পৰা গৈছে। অভিযানত ১৪২ গ্ৰাম গাঞ্জা, নগদ ধন আৰু ৭টা ড্ৰাগছ কন্টেনাৰ সহ আটক কৰে মহিলগৰাকীয়ক। ইয়াৰ পূৰ্বেও এইগৰাকী মহিলা চুৰত জান বেগম ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈ আটক হৈছিল বুলি জানিব পৰা গৈছে।
