চাৰি দিনলৈ সুৰাপায়ী লোকসকলৰ বাবে উপলব্ধ নহ’ব পছন্দৰ সুৰা। এখন বিশেষ জিলাত সুৰাৰ ওপৰত চাৰি দিনৰ বাবে প্ৰশাসনে আৰোপ কৰিছে নিষেধাজ্ঞা। কোন স্থানত আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা?অৱশ্যে এই নিষেধাজ্ঞা অসমত নহয়, দক্ষিণৰ ৰাজ্য কেৰালাৰ এখন জিলাতহে লোৱা হৈছে সিদ্ধান্ত। ৰাজ্যখনৰ আলাপ্পুঝা জিলাত আগন্তুক কেইটামান দিনত একেৰাহে চাৰিদিনৰ বাবে সুৰাৰ বিপণীসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। জিলা উপায়ুক্তই সুৰা বিক্ৰীৰ ওপৰত এই নিষেধাজ্ঞা জাৰি কৰিছে।অৰ্থুংগলস্থিত ‘চেণ্ট এণ্ড্ৰিউ বেচিলিকা’ (Saint Andrew’s Basilica) গীৰ্জাত আয়োজিত উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে উৎসৱৰ সময়ত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ৰখা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।
