ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্বনৰ ‘ডেয়াৰ টু ড্ৰীম’ উদ্যোগ আৰম্ভ

53

ভাৰতৰ অন্যতম আগশাৰীৰ ক্ৰীড়া প্ৰযুক্তি প্ৰতিষ্ঠান ড্ৰীম স্পৰ্টছৰ জনহিতকৰ শাখা ড্ৰীম স্পৰ্টছ ফাউণ্ডেশ্বনে (ডিএছএফ) ছয়জন প্ৰতিভাশালী যুৱ ফুটবলাৰক সমৰ্থন কৰিবলৈ ভাইচুং ভূটীয়া ফুটবল বিদ্যালয়ৰ (বিবিএফএছ) আৱাসিক একাডেমীৰ অংশীদাৰীত্বত ‘ডেয়াৰ টু ড্ৰীম’ উদ্যোগ আৰম্ভ কৰে। বিবিএফএছৰ ভগ্নী প্ৰতিষ্ঠান ইণ্ডিয়ান ফুটবল ফাউণ্ডেশ্বনৰ দ্বাৰা অনুসন্ধান কৰা, যুৱ সম্ভাৱনাবোৰ ১২ ৰ পৰা ১৭ বছৰ বয়সৰ ভিতৰত আৰু মণিপুৰ, মেঘালয় আৰু উত্তৰাখণ্ডৰ প্ৰত্যাহ্বানমূলক পৃষ্ঠভূমিৰ পৰা আহিছে। ভাৰতৰ সৰ্ববৃহৎ ফুটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে, বিবিএফএছ আৱাসিক একাডেমীৰ বৰ্তমান কৰ্ণাটক, মহাৰাষ্ট্ৰ, দিল্লী এনচিআৰ আৰু কেৰালাত চাৰিটা কেন্দ্ৰ আছে।

ড্ৰীম স্পৰ্টছৰ মুখ্য সঞ্চালন বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক ভৱিত শেঠে কয়, “আমি ভাইচুং ভূটীয়া ফুটবল বিদ্যালয়ৰ সৈতে জড়িত হৈ গৌৰৱান্বিত, যিয়ে ভাৰতৰ যুৱ খেলুৱৈসকলক শক্তিশালী কৰাৰ আমাৰ আগ্ৰহ ভাগ বতৰা কৰে। এই অংশীদাৰিত্বৰ জৰিয়তে, আমি যুৱ প্ৰতিভাশালী সম্ভাৱনাবোৰক স্বীকৃতি দিম আৰু প্ৰতিপালন কৰিম আৰু তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা প্ৰাপ্ত কৰাত তেওঁলোকক সমৰ্থন কৰিবলৈ কোনো ধৰণৰ কৃপণালী নাৰাখিম।”