ৰাজ্যৰ সাংস্কৃতিক জগতলৈ এক সুখবৰ। কেৰালাৰ সংগীত নাটক একাডেমীৰ উদ্যোগত ২৫ জানুৱাৰীৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ইন্টাৰনেছনেলৰ থিয়েটাৰ ফেষ্টিভেল ২০২৬ ৰ ষষ্ঠদশ সংস্কৰণৰ আজি পহিলা ফেব্ৰুৱাৰীত সামৰণি পৰে। ফেষ্টিভেলত ৩০ জানুৱাৰীত ৰাজ্যৰ অন্যতম সাংস্কৃতিক গোষ্ঠী”মেজাংকৰি মেঘমল্লাৰ “ৰ নাটক “খোলাং বুঢ়ী” মঞ্চস্থ কৰা হয় । অসমৰ লোক-সংস্কৃতিৰ অনন্য উপস্থাপনে মন্ত্ৰমুগ্ধ কৰিলে বাৰ শতাধিক দেশী বিদেশী দৰ্শকক। দীঘলীয়া শাৰী পাতি ঘন্টা ঘণ্টা ধৰি অপেক্ষা কৰাৰ পাছত প্ৰৱেশ পত্ৰ সংগ্রহ কৰি “খোলাং বুঢ়ী ” নাটকখন উপভোগ কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ নাট্যপ্রেমী দৰ্শকে।
ঠেঙ্গাল কছাৰী লোক সংস্কৃতিৰ আধাৰিত নাটকখনৰ ৰচনা বিনয় শইকীয়া আৰু পৰিচালনা সীমান্ত ফুকনৰ। দিনৰ ১১ বজা আৰু বিয়লি ৪.৩০ বজাত কেৰালা সংগীত নাটক একাডেমীৰ চৌহদৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হয় খোলাং বুঢ়ীৰ দুটাকৈ দৰ্শনী। নাটকখনত অভিনয় কৰে বহু কেইগৰাকী ন-পুৰণি অভিনেতা- অভিনেত্রীয়ে।নাটকখনৰ পোহৰ ডিম্পল দাস আৰু সংগীত অহিৰ ভৈৰৱৰ। উল্লেখযোগ্য যে, বিগত বৰ্ষৰ ২৯ জুনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত হৈছিল “খোলাং বুঢ়ী”ৰ দুটাকৈ দৰ্শনী। দুয়োটা দৰ্শনীতে দৰ্শকৰ অভূতপূর্ব সঁহাৰিৰ পাছতে আই টি এফ অ কে (ITFOK ) ত প্ৰদৰ্শনৰ বাবে আমন্ত্রণ লাভ কৰে দলটোৱে।
সত্যজিৎ বৰপাত্ৰ গোহাঁই আৰু মানসী দত্তৰ তত্বাৱধানত কেৰালাৰ এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত নাটকখন প্ৰদৰ্শন কৰে মেজাংকৰি মেঘমল্লাৰৰ শিল্পী, কলা-কুশলীসকলে। উল্লেখযোগ্য যে, ১৬ টা বছৰত আই টি এফ অ কেত নাট প্ৰদৰ্শনৰ বাবে আমন্ত্রণ লাভ কৰা অসমৰ তৃতীয়টো নাট্যদল “মেজাংকৰি মেঘমল্লাৰ “। সমগ্র দক্ষিণ এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ থিয়েটাৰ মহোৎসৱ হিচাপে পৰিগণিত আই টি এফ অ কেত চলিত বৰ্ষত ২৫ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছে এই মহোৎসৱ । VOICES IN THE SILENCE বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত এই মহোৎসৱত এইবাৰ নাট প্ৰদৰ্শন কৰে ডেনমার্ক, শ্ল’ভাকিয়া, ইটালী, আৰ্জেণ্টিনা, স্পেইন, ব্ৰাজিলকে ধৰি কেইবাখনো দেশৰ কুৰিৰো অধিক নাট্যদলে।
