মহিলাৰ জৰায়ুৰ ফাইব্ৰইড সম্পৰ্কে সজাগতা বৃদ্ধিত গুৰুত্ব ডাঃ দিব্যমোহন হাজৰিকাৰ

81

কৰ্কট ৰোগত আক্ৰান্ত ভাৰতীয় মহিলাসকলৰ মাজত ১৮%ই হৈছে জৰায়ুৰ কৰ্কট ৰোগী, কিন্তু ইয়াতকৈও ব্যাপক কিন্তু কম নিৰ্ণয় হোৱা ৰোগ বা অৱস্থাটো হ’ল মহিলাৰ জৰায়ুৰ ফাইব্ৰইড, যি ৰোগে প্ৰায় ৪০% মহিলাক আক্ৰান্ত কৰে। তীব্ৰ ঋতুস্ৰাৱৰ বিষ আৰু দীৰ্ঘদিন ধৰি ৰক্তক্ষৰণ হোৱাৰ পিছতো সচেতনতাৰ অভাৱ আৰু অস্ত্ৰোপচাৰৰ ভয়ৰ বাবে ফাইব্ৰইডক প্ৰায়ে আওকাণ বা অৱহেলা কৰা হয়। গুৱাহাটীৰ আগশাৰীৰ স্বাস্থ্যসেৱা প্ৰদানকাৰী নেমকেয়াৰ হাস্পতালে ইউটেৰিন ফাইব্ৰইড এম্ব’লাইজেচন (ইউএফই)ৰ দৰে সুৰক্ষিত, নূন্যতম আগ্ৰাসী চিকিৎসা বিকল্পৰ পোষকতা কৰিছে। পৰম্পৰাগত হিষ্টেৰেকটমীৰ বিপৰীতে ইন্টাৰভেনচনেল ৰেডিঅ’লজিষ্ট (আই আৰ)ৰ দ্বাৰা সম্পন্ন ইউএফই-এ এক ফলপ্ৰসূ, অস্ত্ৰোপচাৰবিহীন বিকল্প আগবঢ়ায়, যিয়ে আৰোগ্যৰ সময় হ্ৰাস কৰে আৰু মহিলাৰ প্ৰজনন ক্ষমতাও ৰক্ষা কৰে।

নেমকেয়াৰ হাস্পতালৰ ইন্টাৰভেনচনেল ৰেডিঅ’লজিৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ দিব্যমোহন হাজৰিকাই এই বিষয়ে সদৰি কৰি কয় যে, “অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ বহু মহিলাই ফাইব্ৰইডৰ ৰোগত নীৰৱে আক্ৰান্ত হয়। ইউএফই হৈছে যুগান্তকাৰী পদ্ধতি, য’ত ডাঙৰ অস্ত্ৰোপচাৰ নকৰাকৈয়ে সকাহ প্ৰদান কৰে। সজাগতাই হৈছে দেশৰ মহিলাসকলে উত্তম চিকিৎসা বিকল্পৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ মূল চাবিকাঠি।” গুৱাহাটীত উন্নত, কম আক্ৰমণাত্মক চিকিৎসা সমাধানৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে।

নেমকেয়াৰ হাস্পতালৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানে নিজৰ অনন্য ৰেডিঅ’লজি সেৱা সম্প্ৰসাৰণ কৰাৰ লগে লগে এতিয়া মহিলাসকলে অত্যাধুনিক চিকিৎসাৰ সুবিধা লাভ কৰিছে। সজাগতা বৃদ্ধি পোৱাৰ লগে লগে চিকিৎসা বিশেষজ্ঞসকলে ফাইব্ৰইডৰ লক্ষণ অনুভৱ কৰা মহিলাসকলক সময়মতে পৰামৰ্শ ল’বলৈ আৰু নিজৰ জীৱনৰ মান উন্নত কৰিবলৈ ইউএফইৰ দৰে উন্নত চিকিৎসাৰ বিকল্পসমূহ অন্বেষণ কৰিবলৈ আহ্বান জনাইছে।