ড০ জ্ঞানশ্ৰী বৰা, গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিচাপে কৰ্মৰত থাকোঁতে শিক্ষকতা এৰি ৰাজনীতিত পুনৰ সংযোগ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তে ৰাজ্যৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ‘কা’ বিৰোধী আন্দোলনৰ সময়ত সামাজিক মাধ্যমত তেওঁৰ চোকা বক্তব্যৰ বাবে বিশেষ জনপ্ৰিয়তা অর্জন কৰাৰ পাচত, এই পদক্ষেপে বিশেষ ৰাজনৈতিক ইংগিত বহন কৰিছে।
ড০ বৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰভগ্নী সংগঠন ‘জাতীয় নাৰী বাহিনী’ৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে দায়িত্ব পালন কৰিছে আৰু ২০২৩ চনত অসম চৰকাৰৰ অধীনত শিক্ষক হিচাপে নিযুক্তি লাভ কৰে। যি সময়ত তেওঁ চাকৰি ত্যাগ কৰে, তাৰ পিছৰ সময়ত তেওঁৰ আগন্তুক ৰাজনৈতিক যাত্ৰাক লৈ আলোচনা সৃষ্টিৰ বাবে মূল মঞ্চ হৈছে। তেওঁৰ আগন্তুক ৰাজনৈতিক ভূমিকা কি হ’ব, সেই বিষয়ে সৰ্বত্ৰে কৌতূহলৰ সৃষ্টি হৈছে।
